Union Budget 2025 Updates: দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে আজি সদনত দাখিল কৰা বাজেট ভাষণত কৰ্কট ৰোগকে ধৰি মুঠ ৩৬ বিধ জীৱন দায়িনী ঔষধত থকা কৰ ১০০ শতাংশ পর্যন্ত হ্ৰাসৰ ঘোষণা কৰে

mmmmmmmmm scaled

Union Budget 2025 Updates: দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ

♦মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট ভাষণত বিত্তমন্ত্ৰী সীতাৰমন
♦১ কোটি হোম ডেলিভাৰী শ্ৰমিকলৈ বিশেষ বীমাৰ সুবিধা প্ৰদান কথা ঘোষণা কৰে৷

♦আগন্তক ১০ বছৰত দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ ৷
♦ ১ লাখ নাগৰিকক নতুন আৱাসগৃহ দিয়াৰ পৰিকল্পনা কেন্দ্ৰৰ ৷

♦ কৰ্কট ৰোগকে ধৰি মুঠ ৩৬ বিধ জীৱন দায়িনী ঔষধত থকা কৰ ১০০ শতাংশ পর্যন্ত হ্ৰাসৰ ঘোষণা কৰে ৷

♦একেদৰে ৬ টা জীৱন দায়িনী ঔষধত ৫ শতাংশ কৰ ৰেহাইৰ কথাও ভাষণত উল্লেখ কৰে৷ উল্লেখ্য যে বিগত দিনত কে’বাবাৰো ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছিল ৷ যাৰবাবে সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল

♦ বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত কৰে বৃহৎ ঘোষণা৷

♦দেশৰ চিকিৎসা মহাবিদ্যালয়ত আগন্তুক পাঁচবছৰত আসনৰ সংখ্যা বৃদ্ধি পাব ৭৫ হাজাৰলৈ৷

Exit mobile version