বিভ্রান্তিকৰ বিজ্ঞাপন! ৰামদেৱৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা

WhatsApp Image 2025 02 02 at 12.12.15

বিভ্রান্তিকৰ বিজ্ঞাপন! ৰামদেৱৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা

‘বিভ্ৰান্তিকৰ’ বিজ্ঞাপনৰ গোচৰত পুনৰ বিপদত যোগগুৰু ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণ। দুয়োৰে বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ নিৰ্দেশ দিয়ে কেৰালাৰ আদালতে।

পতঞ্জলিৰ ঔষধৰ বিজ্ঞাপনত বিভ্ৰান্তি বিয়পোৱাৰ অভিযোগত কেৰালাৰ পলাক্কাড আদালতত গোচৰ চলিছে ।

পলাক্কাড আদালতে ৰামদেৱ আৰু বালকৃষ্ণক তেওঁলোকৰ বিৰুদ্ধে ৰুজু হোৱা অপৰাধমূলক গোচৰত এক ফেব্ৰুৱাৰীত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

কিন্তু দুয়োজনৰ কোনোৱেই উপস্থিত নহ’ল। ইয়াৰ পাছতে আদালতে দুয়োগৰাকীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে।

ৰামদেৱ আৰু বালকৃষ্ণক ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত কেৰালা আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।

ৰামদেৱ, বালকৃষ্ণ আৰু পতঞ্জলীয়ে দেশৰ বিভিন্ন প্ৰান্তত ‘বিভ্ৰান্তিকৰ’ বিজ্ঞাপন আৰু এলোপেথিক ঔষধৰ ‘মিছা’ প্ৰচাৰৰ বাবে কেবাটাও গোচৰৰ সন্মুখীন হৈছে।

ৰামদেৱৰ বিৰুদ্ধে কেৱল কেৰালাৰ বিভিন্ন আদালততে কমেও ১০ টা গোচৰ আছে। ইয়াৰ পূৰ্বেও, ৰামদেৱে কেবাখনো আদালতত তিৰস্কাৰৰ সন্মুখীন হ’ব লগা হৈছে

ইয়াৰ পূৰ্বে, বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে উচ্চতম ন্যায়ালয়ত ৰামদেৱে ক্ষমা বিচাৰিব লগা হয়। আনকি পতঞ্জলিয়েও সৰ্বোচ্চ নিৰ্দেশনাৰ ওপৰত মুঠ ৬৭খন বিভিন্ন ভাষাৰ বাতৰি কাকতত জাননী প্ৰকাশ কৰিও ক্ষমা খুজিবলগীয়া হয়। যাৰ বাবে প্ৰায় ১০ লাখ টকা ব্যয় কৰা হৈছে ।

শীৰ্ষ ন্যায়ালয়ে স্পষ্ট কৰি জনাই যে যিমানেই টকা খৰচ নহওঁক, ই একেবাৰে গুৰুত্বপূৰ্ণ নহয়। ক্ষমা বিচাৰি উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰিলেও দেশৰ অন্যান্য আদালতত কেবাটাও গোচৰৰ বাবে এতিয়াও হেঁচাত পৰিছে যোগগুৰু।

Exit mobile version