DGP Awards:
অসম আৰক্ষী ৯ গৰাকী বিষয়ালৈ আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটাৰ নিৰ্বাচিত কৰা হয় ৷ ২০২৪ বৰ্ষত অপৰাধৰ তদন্তৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতা বাবে ডিজিপি বঁটা আগবঢ়োৱা হৈছে ৷
বঁটা প্ৰাপক আৰক্ষী বিষয়া কেই গৰাকী হ’ল কাছাৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ ,ডিব্ৰুগড়ৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সিজল আগৰৱালা,বাক্সাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতার্থ দেৱ চৌধুৰী,ডিমা হাছাওৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, শ্রীভূমিৰ অপৰাধ শাখাৰ এএছপি অমিতাভ চৌধুৰী,মাজুলীৰ অপৰাধ শাখাৰ এএছপি,মৰিগাঁৱৰ অপৰাধ শাখাৰ এএছপি সমীৰণ বৈশ্য,অপৰাধ অনুসন্ধান বিভাগ(চিআইডি)ৰ এএছপি মৰমী দাস আৰু তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া(এছডিপিঅ) তৰুণ গোৱেল৷