Dibugarh Youth Dead:ডিব্ৰুগড়ত হঠাৎ ঢলি পৰি যুৱকৰ আকস্মিক মৃত্যু

dibrugarh

Dibugarh Youth Dead:

‘চৰণেহে জানে মৰণৰ ঠাই।’ এই আপ্তবাক্যশাৰীকেই প্রমাণিত কৰি ৰাজপথত হঠাতে ঢলি পৰি আকস্মিক মৃত্যুক আকোৱালি ল’লে যুৱকে। ডিব্ৰুগড় মহানগৰৰ মিলন নগৰত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি কৰিছে তীব্র চাঞ্চল্য। আজি বিয়লিৰ ভাগত ডিব্ৰুগড়ত সংঘটিত হোৱা ঘটনাটোক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। প্রাপ্ত খবৰ অনুসৰি মটৰ চাইকেলত অহা জ্যোতি হাজৰিকা নামৰ এজন ৩৮ বছৰীয়া যুৱকে হঠাৎ মূৰ ঘূমোৱাত মটৰ চাইকেলখন মানকটা পথৰ কাষত ৰখাই মিলন নগৰৰ নায়াৰ পেট্রল পাম্পৰ সন্মুখতে ঢলি পৰে।

ডিব্ৰুগড়ৰ চানমাৰিত ঘৰ জ্যোতি হাজৰিকাই মাটিত ঢলি পৰাৰ লগে লগে স্থানীয় লোকে পৰিয়ালৰ লোকক খবৰ দিয়ে। পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ সহযোগত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।

ইফালে যুৱকজন যুৱকজন মাটিত ঢলি পৰাৰ সময়ত মূৰত আঘাতপ্রাপ্ত হৈ তেজ নিগৰি অহা বুলি জানিবলৈ দিছে স্থানীয় লোকে। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈয়েই যুৱকজন মূৰ ঘূৰাই ঢলি পৰি মৃত্যুক আকোৱালি লোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক গতাই দিয়ে।

আনহাতে এই আকস্মিক ঘটনাটোক লৈ অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। মৃত যুৱকজন আছিল বিবাহিত। এবছৰ পূৰ্বে যুৱকজনৰ কনমানি পুত্র সন্তানটি মগজুৰ টিউমাৰত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছিল। এগৰাকী শিক্ষয়িত্ৰীৰ গাড়ীচালক হিচাপে কৰ্মৰত যুৱকজনৰ মৃত্যুত সমগ্ৰ চানমাৰি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

Exit mobile version