Central Hilal Committee Assam:অহা ১৩ ফেব্ৰুৱাৰীত পবিত্র শ্ববে বৰাত : হিলাল কমিটী

hilal

Central Hilal Committee Assam:

অহা ১৩ ফেব্ৰুৱাৰীত সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মী লোকসকলৰ পবিত্র শ্ববে বৰাত পালন কৰা হ’ব। কেন্দ্রীয় হিলাল কমিটী অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী আৰু সম্পাদক প্রধান আলহাজ ইমদাদ হুছেইনে এক বিবৃতিত কয় যে ১৩ ফেব্ৰুৱাৰীৰ দিন গৈ ৰাতি পবিত্র শ্ববে বৰাতৰ নামাজ পঢ়া হ’ব।

শ্ববে বৰাত উপলক্ষে কেন্দ্রীয়হিলাল কমিটীয়ে সমূহ ইছলাম ধর্মী লোকসকলৰ লগতে অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছে। উল্লেখ্য যে ইছলাম ধর্মী লোকসকলৰ পাঁচটা মূল বুনিয়াদৰ অন্যতম আৰবী মাহ ৰমজানৰ ৰোজাৰ ১৫ দিন পূর্বে এই নামাজ পঢ়া হয়।

আৰবী শব্দ শ্ববে বৰাত মানে পুণ্যৰ ৰাতি। সেয়েহে এই ৰাতিটোত ইছলাম ধর্মীসকলে মছজিদত গৈ বিশেষ নামাজ পঢ়াৰ লগতে মৃতসকলৰ আত্মাৰ সদগতি কামনাৰে কবৰস্থানত দোৱা মাগে।

Exit mobile version