ED Raid:ডিব্ৰুগড়ত প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজেন লোহিয়াৰ বাসগৃহত ইডিৰ অভিযান
মহানগৰীৰ দুজনকৈ কয়লা ব্যৱসায়ীৰ বাসগৃহ ইডিয়ে অভিযান চলোৱাৰ পিছত এইবাৰ ইডিৰ টাৰ্গেট হয় ডিব্ৰুগড় এজন আগশাৰীৰ উদ্যোগপতিৰ বাসগৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান ৷
মঙলবাৰে পুৱা ৬ বজাৰে পৰা ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত উদ্যোগপতি ৰাজেন লোহিয়াৰ থানা চাৰিআলিৰ কার্তিকপাৰা পথত থকা ঘৰত অভিযান বাসগৃহত ইডিৰ এটা দলে অভিযান চলাই ৷ আনকি ইডিৰ দলটোৱে লোহিয়াৰ ছয় ব্যৱসায়ীক প্ৰতিষ্ঠান সহ কাৰ্যালয়ত চলায় অভিযান ৷
ইডিৰ দলটোৱে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে ৷