Mallikarjun Kharge:
প্ৰয়াগৰাজত অনুষ্ঠিত মহা কুম্ভত পদপিষ্ট হৈ মৃত্যু হৈছে এহেজাৰ লোক ! সোমবাৰে ৰাজ্যসভাত ভাষণ দি এই মন্তব্য কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ। তেওঁৰ এই দাবীৰ বাবেই উত্তাল হৈ পৰে সংসদ । আপত্তি জনাই ,ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে। তেওঁ নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিলে খাৰ্গেক।
শনিবাৰে আৰম্ভ হয় সংসদৰ বাজেট অধিৱেশন। সোমবাৰে অধিৱেশন আৰম্ভ হোৱাৰ পাছত, বিৰোধী সাংসদসকলে কুম্ভৰ বিষয়টো উত্থাপন কৰে। লোকসভাৰ সমান্তৰালকৈ ইয়াৰ প্ৰভাৱ ৰাজ্যসভাতো বিয়পি পৰে । বক্তব্য ৰাখি খাৰ্গে কয় যে, “মহাকুম্ভত ১০০০ লোকৰ মৃত্যু হৈছে।” খাৰ্গৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অধ্যক্ষ জগদীপধনখড়ে কয় যে, ইয়াত উপস্থাপন কৰা বক্তব্যৰ বেলেগ গুৰুত্ব আছে।
আপোনাৰ বক্তব্যত তাত থকা সকলোৱে স্তম্ভিত হৈ পৰিছে। ইয়াত উপস্থাপন কৰা ভাষণ সমগ্ৰ বিশ্বৰ মাজলৈ যায়। ভুল হ’লেও। এই বিবৃতি প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালোঁ।” লগতে শাসকীয় দলৰ সাংসদসকলে খাৰ্গৰ মন্তব্যক গৰিহণা দিয়ে।
ওলোটাই খাৰ্গে কয়,যদি আপুনি মোৰ ভুল হোৱা বুলি কয়, তেন্তে চৰকাৰে কিমান লোকৰ মৃত্যু হৈছে তাৰ প্ৰতিবেদন প্ৰকাশ কৰক।” কাকো দোষী সাব্যস্ত কৰিবলৈ মই ‘হেজাৰ’ শব্দটো ব্যৱহাৰ কৰা নাই। কিন্তু কিমান লোকৰ মৃত্যু হৈছে সেই তথ্য ৰাজহুৱা হওঁক। ভুল হ’লে ক্ষমা বিচাৰিছো।
কিন্তু তেওঁলোকে মৃত আৰু সন্ধানহীনৰ সংখ্যা প্ৰকাশ কৰা উচিত। ২৯ জানুৱাৰীত মহাকুম্ভত সংঘটিত এক পদপিষ্ট ঘটনাত কেবাজনো লোক নিহত হয়। দীৰ্ঘদিনৰ পাছত, যোগী চৰকাৰে কয় যে দুৰ্ঘটনাটোৰ ফলত ৩০ জন লোকৰ মৃত্যু হয়। অৱশ্যে, মৃতসকলৰ তালিকা এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
ইফালে, বিৰোধীয়ে চৰকাৰক সংখ্যাবোৰ লুকুৱাই ৰখাৰ অভিযোগ কৰে । সোমবাৰে সংসদৰ দুয়োখন সদন এই বিষয়টোত উত্তেজিত হৈ পৰে। তেওঁলোকে মৃতসকলৰ তালিকা প্ৰকাশ কৰিবলৈ দাবী জনাই।