Maoist IED Blast In Chhattisgarh:ছত্তীশগড়ৰ মাওবাদীয়ে পুতি থোৱা আই ই ডি বিস্ফোৰণ !

গুৰুতৰভাৱে আহত তিনিজন জোৱান

ied blast

Maoist IED Blast In Chhattisgarh:

চত্তীশগড়ত পুনৰ মাওবাদীৰ আক্ৰমণ। মঙলবাৰে বিজাপুৰ-দান্তেৱাৰা সীমান্তত মাওবাদীয়ে পুতি থোৱা আই ই ডি বিস্ফোৰণত তিনিজন নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হয় । তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি), আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া বাহিনীয়ে বিজাপুৰ-দন্তেৱাৰা সীমান্তত মাওবাদী বিৰোধী অভিযান চলাই আছিল। ৰাস্তাতে মাওবাদীয়ে পুতি থৈছিল বিস্ফোৰক। সেই বিস্ফোৰকটো ওপৰত চাপ দিয়াৰ পাছতে বিস্ফোৰণটো সংঘটিত হয়।

উল্লেখ্য যে বিগত দুই ফেব্ৰুৱাৰীত ডিআৰজি আৰু বিএছএফে কাঙ্কেৰত এক যুটীয়া অভিযান চলাই । সেই সময়ত মাওবাদীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা কৰাত। যৌথ বাহিনীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তিনি জানুৱাৰীৰ পৰা ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে অভিযান চলি আছে। নাৰায়ণপুৰ, দান্তেৱাড়া, বিজাপুৰ, জগদলপুৰ আৰু কোণ্ডাগাওঁকে ধৰি কেবাখনো মাওবাদী প্ৰভাৱিত জিলাত এই অভিযান চলোৱা হৈছে।

ইফালে জানুৱাৰীৰ শেষৰ ফালে উৰিষ্যা-ছত্তীশগড় সীমান্তত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা সংঘৰ্ষত ২০ জন মাওবাদী নিহত হয়। তেওঁলোকৰ ভিতৰত আছিল মাওবাদীসকলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য চালাপতি।

উল্লেখ্য যে,যোৱা শনিবাৰে বিজাপুৰত গংগালুৰত নিৰাপত্তাৰক্ষীৰ স’তে সংঘৰ্ষত আঠজন মাওবাদী নিহত হয় । ৰাজ্যিক প্ৰশাসনৰ সূত্ৰ অনুসৰি, যোৱা ডেৰ বছৰত মাওবাদীৰ বিৰুদ্ধে অভিযানত এক ডাঙৰ সফলতা লাভ কৰিছে। প্ৰশাসনে দাবী কৰিছে যে এই সময়ছোৱাত নিৰাপত্তা বাহিনীৰ স’তে সংঘৰ্ষত ৩০০ তকৈও অধিক মাওবাদী নিহত হৈছে।প্ৰায় এহেজাৰ মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ৮০০ তকৈও অধিক মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে।

Exit mobile version