Modi-Trump Meet :১৩ ফেব্ৰুৱাৰীত হোৱাইট হাউছত মোডী !

ট্ৰাম্পক সাক্ষাৎ কৰাৰ ইংগিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

Modi-Trump Meet :

অহা ১৩ ফেব্ৰুৱাৰীত ৱাশ্বিংটনত প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স’তে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰাৰ সম্ভাৱনা । ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ বাবে হোৱাইট হাউচত প্ৰৱেশ কৰাৰ পাছত এইটো হ’ব দুয়োৰে মাজত প্ৰথম বৈঠক ।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰৰ উদ্ধৃতি দি সোমবাৰে প্ৰকাশিত বাতৰিত এই কথা প্ৰকাশ পাইছে।

২৭ জানুৱাৰীত মোডীক ফোন কৰিছিল ট্ৰাম্পে। দুয়োজনে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত দীঘলীয়া আলোচনা কৰে । পিছদিনা ট্ৰাম্পে জনাই যে তেওঁ ফেব্ৰুৱাৰীত মোডীক লগ কৰিব পাৰে।

২০ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকাল । তাত মোডীৰ প্ৰতিনিধি হিচাপে উপস্থিত আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। সাত নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পাছত ট্ৰাম্পক ফোনযোগে অভিনন্দন জনায় মোডীয়ে।

ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথম কাৰ্যকালত ট্ৰাম্পৰ অন্তিম বিদেশ ভ্ৰমণ আছিল ভাৰতলৈ। ২০১৬-২০ বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ কাৰ্যকালত ট্ৰাম্পে বাৰে বাৰে মোডীক “বন্ধু” বুলি অভিহিত কৰে।

উল্লেখ্য যে,কূটনীতি বিশেষজ্ঞৰ এটা অংশই অনুমান কৰে যে দুয়োগৰাকী নেতাৰ এই সমীকৰণে নতুন দিল্লী-ৱাশ্বিংটন সম্পৰ্কত এক নতুন মাত্ৰা আনিব।

ট্ৰাম্পে এইবাৰ ক্ষমতালৈ অহাৰ পাছত কেবাটাও নীতি গ্ৰহণ কৰিছে। তাৰে এটা হ’ল আমেৰিকাৰ স্বাৰ্থক প্ৰাথমিকতা দিয়া হ’ব তাৰ পাছত আন দেশবোৰ বিবেচনা কৰা ।

Exit mobile version