No to Begging:এতিয়াৰে পৰা ট্ৰেফিক চিগনেল,ধর্মীয় আৰু পর্যটনস্থলীত ভিক্ষা কৰিব নোৱাৰিব !

11

No to Begging:এতিয়াৰে পৰা ট্ৰেফিক চিগনেল,ধর্মীয় আৰু পর্যটনস্থলীত ভিক্ষা কৰিব নোৱাৰিব !

নিষেধাজ্ঞা জাৰি কৰিলে ভূপালে

কোনো জনবসতিপূৰ্ণ অঞ্চল, ট্ৰেফিক চিগনেল, ক্ৰছিং, ধৰ্মীয় আৰু পৰ্যটনস্থলীত ভিক্ষা মাগিব নোৱাৰিব। চহৰখনক ‘ভিক্ষাৰীমুক্ত’ কৰাৰ বাবে এই পদক্ষেপ হাতত ল’লে ভূপাল জিলা দণ্ডাধীশ কৌশলেন্দ্ৰ বিক্ৰম সিঙে ।

এই সন্দৰ্ভ তেওঁ এখন নিৰ্দেশনাও জাৰি কৰিছে।

ভাৰতীয় নাগৰিক সুৰক্ষা সমিতি (বিএনএছএছ) ২০২৩ৰ ১৬৩ ধাৰা অনুসৰি জিলা দণ্ডাধীশে এই নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিৰ্দেশনা অমান্য কৰাসকলৰ বিৰুদ্ধে বিএনএছএছৰ ২২৩ নং ধাৰাত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ,জনবহুল এলেকা, ট্ৰেফিক চিগনেল,ক্ৰছিং, ধৰ্মীয় আৰু পৰ্যটনস্থলীত মানুহে অকলে বা গোটত ভিক্ষা কৰে । চৰকাৰী আদেশ অমান্য কৰি এনে ধৰণৰ কাৰ্যকলাপ চলি আছে।

যাৰ বাবে চহৰখনে যান-বাহন সম্পৰ্কীয় বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ বাহিৰেও চহৰৰ বাহিৰৰ পৰা, আন ৰাজ্যৰ পৰাও বহু লোক ভিক্ষা কৰিবলৈ আহে। তেওঁলোকৰ কিছুমানৰ অপৰাধমূলক ৰেকৰ্ড আছে।

নিৰ্দেশনাৱলীত এইটোও কোৱা হৈছে যে বহুতো ভিক্ষাৰী ড্ৰাগছ আৰু অন্যান্য অপৰাধমূলক কাৰ্যকলাপৰ স’তে জড়িত। ভিক্ষাৰ আঁৰত এইসমূহ কাম চলি আছে ।

ইয়াৰ বাহিৰেও ট্ৰেফিক চিগনেল বা ক্ৰছিঙত ভিক্ষাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি সকলো দিশ পৰীক্ষা কৰি নিৰাপত্তাৰ স্বাৰ্থত এনে সিদ্ধান্ত লোৱা হৈছে।

Exit mobile version