Pressmeet In Govt. Degree College Demand Committee:সমাগত বাজেট অধিবেশনত যোগীজান আদৰ্শ মডেল ডিগ্ৰী কলেজৰ বাবে পুঁজি নিৰ্ধাৰণৰ আহ্বান চৰকাৰী ডিগ্ৰী মহাবিদ্যালয় দাবী সমিতিৰ

dregre assaociation

Pressmeet In Govt.Degree College Demand Committee:

সমাগত অসম বিধান সভাৰ বাজেট অধিবেশনত হোজাই সমষ্টিৰ বাবে এখন চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ৰ বাবে পুঁজি নিৰ্ধাৰণ কৰাৰ আহ্বান চৰকাৰী মহাবিদ্যালয় দাবী সমিতিৰ । হোজাইৰ চাওতাল বস্তি পূজাবাৰীত অনুষ্ঠিত এক সংবাদমেল অনুষ্ঠিত কৰি বিগত ২৩ বৰ্ষত গঠিত মহাবিদ্যালয় দাবী সমিতিয়ে চৰকাৰক এই আহ্বান জনায় ।

সংবাদমেলত দাবী সমিতিয়ে প্ৰায় ১৬ বিঘা ভূমি সামৰি যোগীজান মৌজাত বিগত তৰুণ গগৈৰ মুখ্যমন্ত্ৰী থকাৰ সময়তে অৰ্ধ নিৰ্মিত ভৱনসমূহ লগতে বৰ্তমান পৰিত্যক্ত আই টি. আই প্রাঙ্গণত প্রস্তাবিত যোগীজান চৰকাৰী মডেল ডিগ্রি কলেজৰ বাবে এইবাৰৰ (২০২৫-২০২৬) ৰাজ্য বাজেটত অন্তর্ভুক্ত কৰাৰ বাবে আহ্বান জনায় ।

সংবাদ মেলত হোজাই জিলাৰ যোগীজান ব্লক অসমৰ এটি অতি প্রাচীন আৰু ঐতিহাসিক অঞ্চল। প্রায় ৫১৪.২৫ বর্গ কিলোমিটাৰ অঞ্চল লৈ বিস্তৃত ইতিহাসৰ অজস্ৰ স্মৃতি জৰিত যোগীজান ব্লক অঞ্চলৰ জন সংখ্যা প্রায় ৩.৫ লাখ। যোগীজানৰ মুঠ জনসংখ্যাৰ সৰহভাগ অনুসূচিত জাতি আৰু অৰ্থনৈতিকভাবে পিছ পৰা শ্রেণিৰ অন্তর্ভুক্ত। জনসংখ্যাৰ বেছি অংশ বসবাস কৰে ভিতৰুৱা অঞ্চলত।

যোগীজান ব্লকত উচ্-উচ্চতৰ মাধ্যমিক বিদ্যালয় থাকিলেও আজি পর্যন্ত ইয়াত কোনো মহাবিদ্যালয় হোৱা নাই। ছাত্ৰ-ছাত্ৰী সকলৰ উচ্চ শিক্ষা লাভ কৰিবলৈ অসমৰ বিভিন্ন ব্লকত ইতিমধ্যেই চৰকাৰী আদর্শ মহাবিদ্যালয় গড়ি উঠিলেও স্বাধীনতাৰ ৭৭ বছৰ পাৰ হোৱাৰ পিছতো এই ৰাইজ এই সুবিধাৰ পৰা আজিও বঞ্চিত। যোগীজান অঞ্চলত এখন চৰকাৰি আদৰ্শ মহাবিদ্যালয় স্থাপনৰ দাবী দীর্ঘ দিন ধৰি চলি আহিছে। সীমিত সংখ্যক কিছু আসন এতিয়াও স্নাতক শ্ৰেণীৰ অধ্যয়নৰ সুযোগ থাকিলেও নিকটবর্তী হোজাই চহৰত থকা হোজাই কলেজ ইতিমধ্যেই ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয় লৈ উন্নীত হৈছে। সীমিত সংখ্যক আসনৰ সৈতে ইয়াৰ উপৰিও আৰু এখন চৰকাৰী মহাবিদ্যালয় হোজাই চহৰত আছে, হোজাই কন্যা মহাবিদ্যালয়।

উল্লেখযোগ্য, যোগীজানৰ ভিতৰুৱা অঞ্চলৰ পৰা হোজাই চহৰৰ পৰা দূৰত্ব ৮ ৰ পৰা ১৩ কিলোমিটাৰ। আনপিনে যোগাযোগ ব্যৱস্থাও সিমান উন্নত নহয়। যোগীজান অঞ্চলৰ লোকৰ আৰ্থিক অৱস্থাও ইমান ভাল নহয়। এই অৱস্থাত দ্বাদশ শ্রেণিৰ পাঠ সমাপ্ত কৰাৰ পিছত যোগীজানৰ এক বৃহৎ সংখ্যক ছাত্রছাত্রী বিশেষকৈ ছাত্ৰীসকল নিজৰ পঢ়া-শুনা সমাপ্ত কৰিবলৈ বাধ্য হয়।বৃহত্তৰ হোজাই অঞ্চলত বহু আগৰ পৰাই স্নাতক শ্ৰেণী অধ্যয়নৰ বাবে অকল দুটাই চৰকাৰী শিক্ষা প্রতিষ্ঠান আছিল।

এই সময়ৰ কালছোৱাত বৃহত্তৰ হোজাই অঞ্চলত জনসংখ্যা বহুতো বৃদ্ধি হৈছে। কিন্তু স্নাতক শ্ৰেণী অধ্যয়ন কৰাৰ বাবে চৰকাৰী শিক্ষা প্রতিষ্ঠান হৈছে হোজাই কলেজ আৰু গাৰ্লছ কলেজ । তাৰ মাজত গাৰ্লছ কলেজ কেৱল ছোৱালীসকলৰ কাৰণে সংৰক্ষিত। এই অৱস্থাত উচ্চশিক্ষা লাভৰ কাৰণে আগ্ৰহী বৃহত্তৰ হোজাই অঞ্চলৰ এক বৃহৎ সংখ্যক ছাত্র-ছাত্রী উচ্চ শিক্ষাৰ কাৰণে ভর্তি হব নোৱাৰি নিৰাশ হৈছে! এই প্রসঙ্গত ৩১ জানুৱাৰি (২০২৪) গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ জাতীয় শিক্ষানীতি (২০২০) প্রণয়ন সম্পর্কিত এক পর্যালোচনা সভাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসমৰ উচ্চ শিক্ষাৰ মান নিম্ন হোৱাৰ তথ্য প্ৰকাশ কৰি দুখ প্ৰকাশ কৰিছিল ।

সেয়ে মহাবিদ্যালয় দাবী সমিতিৰ আহ্বান যে হোজাই চহৰৰ বৰ্তমান দুখন উচ্চশিক্ষা প্রতিষ্ঠানৰ মুঠ আসনৰ সংখ্যা হোজাই অঞ্চলৰ উচ্চশিক্ষা প্রত্যাশী সকলো ছাত্র-ছাত্ৰীৰ বাবে পর্যাপ্ত নহয়। যোগীজান অঞ্চলৰ এটি চৰকাৰি আদৰ্শ মহাবিদ্যালয় স্থাপনৰ দাবী বাস্তবত ৰূপায়িত কৰিবৰ বাবে যোৱা ২০২৩ চনত ২৭ নভেম্বৰত যোগীজান দয়াময়ী হাইস্কুল প্রাঙ্গণত এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়। যোগীজান অঞ্চলত এখন চৰকাৰি আদর্শ মহাবিদ্যালয় স্থাপনৰ দাবী লৈ জাতি-ধর্ম-বর্ণ নির্বিশেষে যোগীজান অঞ্চলৰ এক বৃহৎ সংখ্যক নাগৰিক এই সাধাৰণ সভাত উপস্থিত থাকে।

উল্লেখযোগ্য , এই সাধাৰণ সভাত আমন্ত্রিত প্রধান অতিথি হিচাপে উপস্থিত আছিল হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ। যুক্তি সহ প্রয়োজনীয়তাৰ বিভিন্ন দিশ সামৰি, সভাত উপস্থিত যোগীজান অঞ্চলৰ সৰহ সংখ্যক পুৰুষ-মহিলা উভয়ে যোগীজানত এখন চৰকাৰী আদর্শ মহাবিদ্যালয় স্থাপনৰ বাবে ৰাজ্যচৰকাৰৰ উদ্দেশ্যি দাবি উত্থাপন কৰে। সভাত প্ৰধান অতিথিৰ ভাষণত বিধায়ক জনে যোগীজান অঞ্চল এখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্রয়োজনীয়তাৰ কথা স্বীকাৰ কৰে। সভাত উপস্থিত জনতা সহ যোগীজানৰ সকলো নাগৰিকক উদ্দেশ্যি বিধায়ক জনে কৈছিল যে – যোগীজান অঞ্চলত এটি চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপনৰ বাবে তেখেতে আন্তৰিকভাবে সমর্থন আছে। যোগীজান অঞ্চলত এখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপনৰ ধাৰাবাহিক প্ৰচেষ্টাৰ এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিগত বিধানসভাৰ অধিবেশনৰ সময় (আগষ্ট, ২০২৪) যোগীজান চৰকাৰী আদৰ্শ মহাবিদ্যালয় দাবী সমিতিৰ এটি প্রতিনিধি দল ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰনোজ পেগু ক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

একে উদ্দেশ্য লৈ  মুখ্যমন্ত্রীক উদ্দেশ্যি  শিক্ষামন্ত্ৰীৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰা হয়। পূৰ্বে নির্মিত ভৱন সহ যোগীজান অঞ্চলৰ পৰিত্যক্ত আই.টি.আই প্রাঙ্গণত চৰকাৰী আদর্শ মহাবিদ্যালয় স্থাপনৰ বাবে শিক্ষামন্ত্রী আৰু বিধায়কৰ আলোচনা শেষত শিক্ষামন্ত্রীয়ে প্রতিনিধি দলক আশ্বাস দিয়ে “বর্ণনা অনুযায়ী নির্মিত ভৱন সমূহ উপলব্ধ হলে যোগীজানৰ পৰিত্যক্ত আই.টি.আই প্রাঙ্গণত অহা শিক্ষাবৰ্ষৰ পৰা আমি চৰকাৰী আদৰ্শ মহাবিদ্যালয় ক্লাছ আৰম্ভ কৰি দিম”। এই দাবী লৈ যোগীজান চৰকাৰী আদৰ্শ মহাবিদ্যালয় দাবী সমিতিৰ প্ৰতিনধি দলে ইয়াৰ পিছত হোজাই জিলাৰ অভিভাবক মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত সাক্ষাৎ কৰে। বিষয়টো লৈ শিক্ষামন্ত্রী ডাঃ ৰনোজ পেগুৰ লগত ইতিবাচক আলোচনাত মিলিত হৈ কথা দিয়ে অভিভাৱক মন্ত্রী  পীযুষ হাজৰিকাই।

একাধিকবাৰ আলোচনা কৰি একে উদ্দেশৰেই স্মাৰকপত্ৰ দিয়া হয় হোজাই সমষ্টিৰ বৰ্তমান বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু প্রাক্তন বিধায়কশিলাদিত্য দেবে। একে দাবী লৈ, আলোচনা কৰি স্মাৰকপত্ৰ দিয়া হয় লোকসভাৰ সদস্য কামাখ্যা প্ৰসাদ তাচা আৰু জিলা উপায়ুক্তকো। দাবী সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈকো স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। যোগীজান আৰু বৃহত্তৰ হোজাই অঞ্চলৰ উচ্চশিক্ষা প্রত্যাশীসকলৰ সংখ্যাৰ কথা মনত ৰাখি যোগীজান অঞ্চলতো চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্ৰয়োজনীয়তাক লৈ ২০২৪ চনৰ আগষ্ট মাহত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক মানবেন্দ্ৰ দত্তচৌধুৰীৰ লগত যোগীজান চৰকাৰী মহাবিদ্যালয় দাবী সমিতিৰ সদস্যসকলে আলোচনাত বহে।

উচ্চশিক্ষা প্রত্যাশীসকলৰ সংখ্যাৰ তুলনাত হোজাইত বৰ্তমান চৰকাৰি দুখন উচ্চশিক্ষা প্রতিষ্ঠানৰ অপৰ্যাপ্ত আসনৰ প্ৰসঙ্গ উল্লেখ কৰি, যোগীজান অঞ্চলত এখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্রয়োজনীয়তা আছে বুলি উপাচার্য অভিমত ব্যক্ত কৰে। আলোচনাৰ শেষত যোগীজান চৰকাৰী মহাবিদ্যালয় দাবী সমিতিৰ সদস্যসকলে উপাচার্যকো স্মাৰকপত্ৰ প্ৰদান কৰে। একেদৰে উপাচাৰ্যৰ জৰিয়তে শিক্ষামন্ত্ৰীৰ উদ্দেশ্যে পঠোৱাৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰা হয় উপাচাৰ্যৰ হাতত। যোগীজান অঞ্চলত এটি চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্রয়োজনীয়তাৰ কথা লৈ যথাযথ প্রমাণসহকাৰে ২ চেপ্টেম্বৰ (২০২৪) উপাচাৰ্য এই স্মাৰকপত্ৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে।

উচ্চশিক্ষাৰ দাবীত যোগীজান সহ বৃহত্তৰ হোজাই এলেকাৰ প্রয়োজনত, যোগীজান অঞ্চলত এটি চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপনৰ বাবে দীর্ঘদিন ধৰি জাতি-ধর্ম-বর্ণ নির্বিশেষে যোগীজানৰ সকলো নাগৰিকে চৰকাৰী মূখ্য ব্যক্তিসকলৰ ওচৰতো অনুনয়-বিনয় কৰি গৈছে। কিন্তু গভীৰ পৰিতাপৰ বিষয় দীর্ঘদিনৰ ইমান প্ৰচেষ্টাৰ পিছতো এখন চৰকাৰি আদৰ্শ মহাবিদ্যালয় স্থাপনৰ সপোন যোগীজানবাসীৰ মাজত আজিকোপতি সপোন হৈয়েই আছে! এই পৰিপ্ৰেক্ষিতত বৃহত্ত্বৰ হোজাই অঞ্চলৰ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ওচৰত আজি  বিনীত আবেদন এই যে পূৰ্বে নির্মিত ভৱন সহিত যোগীজানৰ পৰিত্যক্ত আই.টি.আই প্রাঙ্গণত এখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপন কৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনাসকলে আমাৰ দীৰ্ঘদিনৰ সপোন বাস্তৱত পৰিণত কৰে যেন।

আমাৰ সপোন পূৰণে যোগীজানৰ প্ৰস্তাবিত চৰকাৰী এই আদর্শ মহাবিদ্যালয়ক ২০২৫-২০২৬ ৰাজ্য বাজেটৰ অন্তৰ্ভূক্ত কৰি বৃহত্তৰ অঞ্চলৰ উপকাৰ সাধন কৰাৰ আহ্বান জনায়  সংবাদমেলত। আজিৰ এই সংবাদমেলত দাবী সমিতিৰ সভাপতি দিলীপ চক্ৰৱৰ্তী সম্পাদক বিজন কুমাৰ ৰায়, বিজয় চক্ৰৱৰ্তী আৰু কৰিমগঞ্জ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নিৰ্মল চৰকাৰ উপস্থিত থাকি মন্তব্য কৰে ।

Exit mobile version