US-China Tariff War: চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰিলে ১৫ শতাংশ শুল্ক !

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ স'তে কথা পাতিব বুলি আশা কৰা হৈছে বুলি জনাইছে হোৱাইট হাউছে

Capture 12

US-China Tariff War: চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰিলে ১৫ শতাংশ শুল্ক !

জিনপিঙৰ স’তে আলোচনাত বহিব নেকি ট্ৰাম্প !

চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০ৰ পৰা ১৫ শতাংশ শুল্ক আৰোপ কৰাৰ পথত ! আমেৰিকাৰ পৰা আমদানি কৰা কয়লা আৰু প্ৰাকৃতিক গেছৰ ওপৰত ১৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব, আৰু খাৰুৱা তেল, কৃষি সঁজুলি আৰু বৃহৎ বাহনৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক আৰোপ কৰা হ’ব ।

ইয়াৰ উপৰিও গুগলৰ বিৰূদ্ধে বিশ্বাস ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে জি জিনপিঙৰ প্ৰশাসনে। এই অভিযোগত আমেৰিকাৰ প্ৰযুক্তি সংস্থাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিব বেইজিঙে।

অৱশ্যে, গুগল সাধাৰণতে চীনত নিষিদ্ধ। তেওঁলোকে কিছুমান সংস্থাৰ স’তে অংশীদাৰিত্বৰ ভিত্তিত কাম কৰে।

যদিও মেক্সিকো আৰু কানাডাই বৰ্তমানৰ বাবে সকাহ লাভ কৰিছে, চীনা সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত এতিয়াও পিছুৱাই দিয়া হোৱা নাই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ স’তে কথা পাতিব বুলি আশা কৰা হৈছে বুলি জনাইছে হোৱাইট হাউছে ।

চীনৰ এক বিবৃতি অনুসৰি আমেৰিকাই একপক্ষীয়ভাৱে শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত বিশ্ব বাণিজ্য সংস্থাৰ নিয়মৰ বিৰুদ্ধে।

ই চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত স্বাভাৱিক অৰ্থনৈতিক সম্পৰ্কও ব্যাহত কৰে। সেয়েহে চীনে আমেৰিকাক এটা শিক্ষা দিবলৈ প্ৰতি-শুল্ক আৰোপ কৰাৰ পথত খোজ দিছে।

আনহাতে হোয়াইট হাউছে কয় যে অহা কিছুদিনৰ ভিতৰত ট্ৰাম্প-জিনপিঙৰ আলোচনা হ’ব পাৰে।ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘত চীনৰ প্ৰতিনিধি ফু কঙে কয় যে,আগন্তুক ‘বাণিজ্য যুদ্ধ’ৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজত এনে গুৰুত্বপূৰ্ণ কূটনৈতিক আলোচনা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব।

অৱশ্যে, কং আশাবাদী যে দুয়োপক্ষৰ মাজত আলোচনাৰ পাছত সমস্যাটো সমাধান হ’ব। যোৱা নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পাছত, ট্ৰাম্পে কানাডিয়ান আৰু মেক্সিকান সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক ঘোষণা কৰে।

একে সময়তে, ট্ৰাম্পে বেইজিংক সতৰ্ক কৰি দিছিল যে চীনত তৈয়াৰ কৰা বহুতো অবৈধ ঔষধ মেক্সিকো সীমান্তৰ মাজেৰে আমেৰিকাত প্ৰৱেশ কৰে, কিন্তু বেইজিঙে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।

যেতিয়ালৈকে চীনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, চীনা সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব বুলিও জনাই ট্ৰাম্পে ।

ইয়াৰ পাছতে শনিবাৰে, ট্ৰাম্পে কানাডা, মেক্সিকো আৰু চীনা সামগ্ৰীৰ ওপৰত শুল্ক ঘোষণা কৰে। চীনা সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰু আন দুখন দেশৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰা হয়।

যিটো এইটো মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল। অৱশ্যে, শেষ মুহূৰ্তত, এয়া জনা যায় যে ট্ৰাম্পৰ শুল্ক নীতি বৰ্তমানৰ বাবে কানাডা আৰু মেক্সিকোৰ ওপৰত কাৰ্যকৰী নহয়।

আমেৰিকা যুক্তৰাষ্ট্ৰই কানাডিয়ান আৰু মেক্সিকান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক ৩০ দিনৰ বাবে আৰোপ কৰাৰ সিদ্ধান্ত স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

ট্ৰাম্পে সোমবাৰে নিশা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ স’তে দুটা পৰ্যায়ৰ আলোচনা কৰে। ইয়াৰ পাছতে দুয়োগৰাকী নেতাই ছ’চিয়েল মিডিয়াত কয় যে শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত বৰ্তমানৰ বাবে ৩০ দিনৰ বাবে পিছুৱাই দিয়া হৈছে।

Exit mobile version