Bihar Man who could not go to Mahakumbh sought compensation of Rs 50 lakh from the railways:
টিকট কিনাৰ পাছতো ৰে’লৰ অবহেলাৰ বাবে মহাকুম্ভলৈ যোৱা ৰে’লত উঠিব নোৱাৰিলে। জীৱিকা উপাৰ্জনৰ সুযোগ হেৰুৱাই ভাৰতীয় ৰে’লৱেৰ পৰা বৃহৎ ক্ষতিপূৰণৰ দাবী জনাইছে বিহাৰৰ এজন যুৱকে। বিহাৰৰ যুৱকজনক কিশোৰ ঝা ওৰফে ৰঞ্জনে মহাকুম্ভত উপস্থিত থাকিবলৈ যোৱা ২৬ জানুৱাৰীত নির্দলীয় সেনানী এক্সপ্ৰেছৰ এ চি কম্পার্টমেন্টত তিনিটাকৈ টিকট বুকিং কৰাৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ স’তে নির্দিষ্ট সময়ত স্টেছনত উপস্থিত হৈও যুৱকজনে ৰে’লখনত উঠিব পৰা নাছিল। তেওঁ অভিযোগ কৰে যে ৰে’লৰ দবাটো ভিতৰৰ পৰা তলা লগোৱা হৈছিল, যাৰ বাবে তেওঁ ৰে’লত উঠিব পৰা নাছিল।
আনটো কোঠাত ইমানেই ভিৰ আছিল যে তাত উঠি যোৱাটো অসম্ভৱ হৈ পৰিছিল। বিহাৰৰ গাইঘাট থানা অঞ্চলৰ যুৱকজনে দাবী কৰা মতে, এই ঘটনাত তেওঁ ষ্টেছনত উপস্থিত থকা ৰে’লৱে বিষয়াৰ পৰা সহায় বিচাৰিছিল।
কিন্তু কোনেও তেওঁলোকক সহায় কৰা নাছিল। অৱশেষত ৰে’লখন ষ্টেছনৰ পৰা ওলাই আহিল। এই ঘটনা’ সন্দর্ভত যুৱকজনে ৰে’লৱেৰ অধ্যক্ষ আৰু মুখ্য কার্যবাহী বিষয়ালৈ এখন পত্র লিখিছে। য’ত তেওঁ বিচাৰে অহা ১৫ দিনৰ ভিতৰত সুতসহ টিকটৰ মূল্য ঘূৰাই দিয়া হওক। নির্দিষ্ট সময়সীমাৰ ভিতৰত ধন ঘূৰাই নিদিলে ক্ষতিপূৰণ হিচাপে ৫০ লাখ টকা দি ৰে’লৱেৰ বিৰুদ্ধে গোচৰ ৰুজু তৰিব বুলিও তেওঁ সকীয়াই দিয়ে।
ৰে’লৱেৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ উত্থাপন কৰি যুৱকজনে দাবী কৰে যে তেওঁলোকে ৰে’ল কর্তৃপক্ষৰ বাবে মহাকুম্ভলৈ যোৱা নাছিল। ফলত ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা এই পবিত্র মেলাত অংশগ্রহণ কৰাৰ সুযোগ হেৰুৱাবলগীয়া হ’ল। এই ঘটনাই কেৱল আর্থিক লোকচানৰ সৃষ্টি কৰাই নহয় আৱেগিক আঘাতৰ সৃষ্টি কৰিছে। ফলস্বৰূপে যুবকজনে কয় যে যদি ৰে’লৱেই ক্ষতিপূৰণ নিদিয়ে তেন্তে তেওঁ ৰে’লৰ বিৰুদ্ধে আইনী ব্যবস্থা গ্রহণ কৰিব।