Guwahati Encounter :মহানগৰীতআৰক্ষী জিন্মাৰ পৰা পলায়ন কৰা চোৰলৈ গুলী

গুলীবৃদ্ধ গভাইত গাড়ীচোৰক ভৰ্তি জিএমচিএইছত

encounter

Guwahati Encounter :

মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ ৷ পুৱতি নিশা মহানগৰীৰ পাশ্বৰ্ৱতী যোৰাবাটত বশিষ্ঠ আৰক্ষীৰ গভাইত চোৰলৈ গুলীবৰ্ষণ । আৰক্ষীৰ গুলীত ঢলি পৰে দুৰ্ধৰ্ষ গাড়ী চোৰ দিব্যজ্যোতি শইকীয়া ৷

নিশা বশিষ্ট আৰক্ষীয়ে চোৰটোক লৈ কৰিছিল কৰায়ত্ব | ইয়াৰ পিছত চোৰটোক লৈ পুৱতি নিশা আন চোৰৰ সন্ধানত অভিযান চলাবলৈ গৈ থকা পথত যোৰাবাটত হঠাতে আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰে ৷ আৰক্ষীয়ে কে’বাবাৰো সৰ্তক কৰাৰ পিছতো ৰৈ নোযোৱাত গুলীচালনা কৰে  ৷ফলত ভৰিত গুলীৰ আঘাতত ঢলি পৰে ৷ আঘাতপ্ৰাপ্ত চোৰটোক নিশাই জিএমচিএইছত ভৰ্তি কৰা হয় ৷ ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় আৰক্ষী জোৱান এগৰাকী ৷

উল্লেখ্য যে,দিব্যজ্যোতি শইকীয়া নামৰ এই গভাইত চোৰটো মহানগৰীৰ বাইক আৰু গাড়ী চুৰিৰ বহু কেইটা ঘটনাৰ স’তে জড়িত থকা অভিযোগ আৰক্ষীৰ৷ যাৰবাবে বিশেষ খবৰৰ ভিত্তিত মঙলবাৰে নিশা চোৰটোক বশিষ্ট আৰক্ষীয়ে এক অভিযানত আটক কৰিছিল ৷

Exit mobile version