Two more cheetah cubs born in Kuno National Park:
কুনু ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ বীৰা নামৰ চিতাই দুটাকৈ পোৱালি জন্ম দিলে। বীৰাই ভাৰতৰ ভূমিত প্ৰথমবাৰ মাতৃত্ব অৰ্জন কৰিলে। ১০ মার্চ ২০২৪ৰ পাছত কুনু ৰাষ্ট্ৰীয় উদ্যানত এয়ে প্ৰথমবাৰ চিতাই সন্তান প্ৰসৱ কৰিলে। ২০২৪ৰ মাৰ্চত গামিনি নামৰ চিতাই ছটাকৈ পোৱালি জন্ম দিছিল। এইবাৰ দক্ষিণ আফ্ৰিকাৰ পৰা কুনুলৈ অনা চিতা বীৰাই দুটি পোৱালি জন্ম দিলে।
কুনু ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি বীৰাই জন্ম দিয়া দুয়োটা পোৱালি সুস্থ হৈ আছে। চিকিৎসকৰ দলে চিতাৰ পোৱালি দুটাৰ স্বাস্থ্য নিৰীক্ষণত ৰখা বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে। বর্তমানে কুনু ৰাষ্ট্ৰীয় উদ্যানত ১২ বয়স্ক চিতাসহ মুঠ চিতাৰ সংখ্যা ২৬লৈ বৃদ্ধি পালে।