মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী খানামুখ হাওৰাপাৰৰ এগৰাকী মহিলাই ক’ভিডক পৰাভূত কৰি সুস্থ-সবল সন্তান জন্ম দিয়ে। খানামুখ হাওৰাপাৰৰ বাসিন্দা তথা কটন কলেজৰ ভুতত্ত্ব বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সভাৰাম কলিতাৰ পুত্ৰ নিতুল কলিতাৰ পত্নী জোনালী কলিতা ক’ভিডত আক্ৰান্ত হোৱাত যোৱা এক আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্ত্তি কৰোৱা হয়।
যোৱা ৬ আগষ্টত জোনালী কলিতাই ছিজাৰীয়ান পদ্ধতিৰে প্ৰায় তিনি কিলোগ্ৰাম ওজনৰ এটা সুস্থ-সবল পুত্ৰ সন্তান জন্ম দিবলৈ সক্ষম হয়। এই সন্দৰ্ভত জোনালী কলিতাই জনোৱা মতে, তেওঁৰ শৰীৰত কৰ’নাৰ কোনো লক্ষণ নাছিল যদিও চিকিৎসকৰ পৰামৰ্শ মতে তেওঁ যোৱা এক আগষ্টত মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰাইছিল। উক্ত পৰীক্ষাত তেওঁৰ ৰিজাল্ট পজিটিভ অহাত তেওঁক জি এম চি এইচত ভৰ্তি কৰোৱা হয়।
এই সন্দৰ্ভত তেওঁ কয়, “মই যিহেতু দহ মহীয়া গৰ্ভৱতী আছিলো, যিকোনো মূহূৰ্তত মই সন্তান প্ৰসৱৰ বাবে মই হস্পিতালত ভৰ্তি হ’বলগীয়া হ’ব পাৰে। সেয়েহে কৰ’নাৰ কোনো লক্ষণ নাথাকিলেও মই আগতীয়াকৈ টেষ্ট কৰাইছিলো। মোৰ ৰিজাল্ট পজিটিভ অহাত কিছু ভয় লাগিছিল যদিও মোৰ সন্তানটো সুস্থ হৈ থকা বাবে মই অত্যন্ত সুখী।” কালি স্বাৱ পৰীক্ষাত জোনালী কলিতাৰ নিগেটিভ ৰিজাল্ট পোৱা গৈছে আৰু আজি তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়। সদ্যজাত সন্তানটি সুস্থ যদিও সন্তানটি চিকিৎসকৰ নিৰীক্ষণত আছিল বুলিও তেওঁ কয়। উল্লেখ্য যে, তেওঁলোকৰ পৰিয়ালৰ আন সদস্য সকলৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ। উল্লেখ্য যে, বৃহত্তৰ খানামুখ-ধাৰাপুৰ অঞ্চলত ক’ভিডত আক্ৰান্ত হৈ সুস্থ সন্তান জন্ম দিয়া এইটোৱে প্রথম ঘটনা।