Donald Trump:হাতত হেণ্ডকাফ, ভৰিত শিকলি লগোৱাৰ অভিযোগ!
প্ৰথম পৰ্যায়ত ১০৪ জন অবৈধ ভাৰতীয় বাসিন্দাক আমেৰিকাৰ পৰা ঘূৰাই পঠিওৱা হৈছে। ইয়াৰে কিছুলোক পঞ্জাৱৰ, কোনোবা গুজৰাটৰ, কোনোবা মহাৰাষ্ট্ৰৰ। পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ হৰদোৰৱাল গাঁৱৰ বাসিন্দা জছপাল সিংও তাৰ ভিতৰত অন্যতম।
দীঘলীয়া যাত্ৰাৰ পাছত বুধবাৰে তেওঁলোকৰ বিমানখন পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰে । বাটত কেনেকুৱা আছিল তেওঁলোক অভিজ্ঞতা ? কোন দিশে গৈ পাইছিল আমেৰিকা জনালে জছপাল সিঙে।
জছপালৰ অভিযোগ অনুসৰি , তেঁওলোকক হাতত হেণ্ডকাফ, ভৰিত শিকলি দি অমৃতসৰলৈ অনা হৈছিল । বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত, তেওঁলোকক এই বন্ধনৰ পৰা মুকলি কৰা হয়। কেৱল ইয়াতে শেষ নহয়, ইয়াৰ পাছত, ভাৰততো তেঁওলোকৰ এক পৰ্যায়ৰ জেৰা চলে।
অবৈধ অনুপ্ৰৱেশকাৰীসকলে অতীতত কোনো অপৰাধমূলক কাম কৰিছিল নে নাই জানিবলৈ পঞ্জাৱ আৰক্ষীকে ধৰি বিভিন্ন চোৰাংচোৱা সংস্থাৰ অনুসন্ধানকাৰীসকলক বিমানবন্দৰৰ টাৰ্মিনেল ভৱনৰ ভিতৰত নিয়োজিত কৰা হয়। এনেদৰেই আমেৰিকাৰ পৰা ঘৰলৈ উভতি অহা দীঘলীয়া যাত্ৰাৰ সমাপ্তি ঘটে।
বয়স ৩৬ । জছপালে যোৱা বছৰ জুলাইত এজন ট্ৰেভেল এজেণ্টৰ দ্বাৰা বিদেশলৈ যোৱাৰ সপোনলৈ আমেৰিকাত ভৰি দিছিল। তেওঁক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে সকলো নিয়ম অনুসৰণ কৰি তেওঁক আইনী পথৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব। চুক্তিটো আছিল ৩০ লাখ টকাৰ । জছপালেৰে প্ৰথমে ব্ৰাজিলত উপস্থিত হয়। তাত গৈ পাই প্ৰথমে জছপালে জানিব পাৰিলে যে তেওঁৰ ভিছা বৈধ নহয়। এজেণ্টজনে তেওঁক প্ৰতাৰণা কৰিছে । ব্ৰাজিলত ছয় মাহ থকাৰ পাছত, জছপালে অবৈধভাৱে সীমান্ত অতিক্ৰম কৰি আমেৰিকাত উপস্থিত হয়। তেওঁক আমেৰিকাৰ বৰ্ডাৰ পেট্ৰ’ল বাহিনীৰ হাতত ধৰা পৰে। তেতিয়াৰ পৰাই তেওঁ নামত ‘অবৈধ অনুপ্ৰৱেশকাৰী’ৰ পৰিচয় যোগ কৰা হ’ল।
#১০৪ জন ভাৰতীয়ৰ মাজৰ এজন হৰবিন্দৰ সিঙে কেনেকৈ আমেৰিকাত উপস্থিত হ’ল ?
১০৪ ভাৰতীয়ৰ সদস্য হৰবিন্দৰ সিং কোন বাটেৰে আমেৰিকা পালেগৈ? তেওঁৰ ভাষাত “আমি সঠিক পথত আগবাঢ়িছো বুলি ভাবিছিলো।” মইও বহুত টকা খৰচ কৰিলোঁ। টকা ধাৰলৈ ল’বলগীয়া হ’ল৷ কাটাৰ, ব্ৰাজিল, পেৰু, কলম্বিয়া – বিভিন্ন দেশ পাৰ হৈ মেক্সিকো পালোগৈ ।
তাৰ পৰা, সীমান্ত পাৰ হৈ আমেৰিকা । অৰণ্যৰ মাজত, খোজকাঢ়ি পৰ্বতবোৰ পাৰ হৈ। আমাৰ কিছুমান সঙ্গীয়ে পানামাৰ জংঘলত প্ৰাণ পৰ্যন্ত হেৰুৱালে, কিছুমান পৰ্বতৰ পৰা পৰিলে । কেতিয়াবা খাবলৈ পাইছিলো, কেতিয়াবা নাই । অৱশেষত আমেৰিকাত উপস্থিত হ’লো। “
বুধবাৰে আবেলি অমৃতসৰৰ শ্ৰী গুৰু ৰামদাসজী বিমানবন্দৰত প্ৰব্ৰজনকাৰীসকলক কঢ়িয়াই নিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ এখন চি-১৭ বিমান অৱতৰণ কৰে। বিমানখনে মঙলবাৰে টেক্সাচৰ পৰা উৰা মাৰিছিল। এই অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ ভিতৰত, ২৫ গৰাকী মহিলা আৰু ১২ জন শিশু আছে ।
তেওঁলোকৰ ভিতৰত আটাইতকৈ কনিষ্ঠজন চাৰি বছৰীয়া। অৱশ্যে, নতুন দিল্লীয়ে অবৈধ বাসিন্দা হিচাপে চিনাক্ত কৰা লোকসকলৰ সঠিক নথিপত্ৰ বিচাৰিছে। তেওঁলোকৰ নাগৰিকত্ব নিশ্চিত হোৱাৰ পাছতহে তেওঁলোকক ভাৰতত গ্ৰহণ কৰা হয়।