Arjun Shiva Thapa wins silver medal in boxing at National Games: ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অৰ্জুন শিৱ থাপাৰ ৰূপৰ পদক লাভ

ৰূপৰ পদক লাভ বক্সাৰ অভিনৱ শইকীয়াৰো

shiva thapa

Arjun Shiva Thapa wins silver medal in boxing at National Games:

উত্তৰাখণ্ডত হৈ থকা ৰাষ্ট্ৰীয় ক্ৰীড়াত অৰ্জুন শিৱ থাপায়ে আজি বক্সিঙৰ পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত অৱতীৰ্ণ হৈ ছাৰ্ভিছেজৰ ব বক্সাৰৰ হাতত পৰাভূত হৈ সোণ লাভ কৰাত ব্যৰ্থ হয় ৷ ফলস্বৰূপে ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ক্ৰীড়াবিদজন ৷

উল্লেখ্য যে গুজৰাট অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱই লাভ কৰিছিল বঞ্জ  ৷ আনহাতে অসমৰ আন এজন তৰুণ বক্সাৰ অভিনৱ শইকীয়াইও শুকুৰবাৰে ফাইনেলত অৱতীৰ্ণ হৈ ছাৰ্ভিছেজৰ প্ৰতিদ্বন্দিৰ হাতত পৰাস্ত হয় ৷ তেওঁ সন্তুষ্ট থাকিবলগীয়া হয় ৰূপৰ পদকতে  ৷

Exit mobile version