ডিম্পল কাপাডিয়াই
ফাদিল কৰিলে
চুলিৰ সৌন্দৰ্যৰ গোপন ৰহস্য
শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰী ডিম্পল কাপাডিয়াই কয় যে তেওঁৰ চুলি সৰুৰে পৰা অতি ঘন আৰু একে সময়তে অতি ৰুক্ষ। গতিকে তেওঁ তেল ব্যৱহাৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল।
এটা নিৰ্দিষ্ট বয়সৰ পাছত নাৰীৰ বিভিন্ন শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন হয়। ৰজোনিবৃত্তিৰ পাছত হৰম’নৰ নিঃসৰণো সলনি হয়। সেইবাবেই বাহ্যিক সৌন্দৰ্যৰ অৱনতি ঘটে। ছাল, চুলি নিৰ্জীৱ হৈ পৰে।
৭০ বছৰ বয়সতো অভিনেত্রী ডিম্পল কাপাডিয়াৰ বৈ যোৱা চুলিয়ে যিকোনো ব্যক্তিক ঈর্ষা অনুভৱ কৰাব পাৰে। ডিম্পলে এতিয়াও চুলিৰ যত্ন লৈ আহিছে। সুন্দৰ চুলিৰ ৰহস্য হ’ল তেল।
চুলিৰ গুণাগুণ, নতুন চুলি গজাৰ পৰা আৰম্ভ কৰি চুলি পোন কৰালৈকে তেলৰ গুণৰ দ্বাৰা সকলো সম্ভৱ। ডিম্পলে ক’লে, ‘আপুনি চুলিত তেল লগোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব। মই এতিয়াও চুলিত তেল দি ৰাতিটো থৈ দিওঁ।’
৭০ বছৰ বয়সতো ডিম্পলৰ ডাঠ, ৰেচমী চুলিৰ সম্পূৰ্ণ কৃতিত্ব তেওঁৰ যতন। তেওঁ কয়, “মই আলমণ্ড আৰু চন্দন কাঠৰ তেল কেইটোপালমান জেৰেনিয়াম, ৰোজমেৰী আৰু লেভেণ্ডাৰৰ আৱশ্যকীয় তেল মিহলাই এটা বিশেষ তেল বনাওঁ। সেইটোৱেই মোৰ ধুনীয়া চুলিৰ ৰহস্য। ‘
পিঁয়াজৰ ৰস : আজিকালি বহুতে পিঁয়াজৰ ৰস মূৰৰ ছালত লগায়। ডিম্পলৰ মতে পিঁয়াজৰ ৰস চুলিব বাবে ভাল। কিন্তু পিঁয়াজৰ ৰসৰ স’তে মিহলি কৰা তেল পোনে পোনে মূৰত লগালে নিৰাপদ। ইয়াৰ উপৰি অভিনেত্ৰীগৰাকীয়ে চুলিত ৰাসায়নিক ৰং ব্যৱহাৰ নকৰিবলৈও পৰামৰ্শ দিয়ে।
ঘৰুৱা পেক : ৰেচমী চুলি পাবলৈ কেৱল ছেম্পু আৰু কণ্ডিছনাৰত নিৰ্ভৰ নকৰিব। তেওঁ গোটেই ৰাতি চুলিত তেল লগাইছিল বুলি অভিনেত্ৰীগৰাকীয়ে কয়। পিছদিনা ছেম্পু কৰাৰ আগতে তেওঁ ঘৰতে বনোৱা বিশেষ পেক চুলিত লগায়। ডিম্পলে কয়, ‘এটা সৰু বাটিত পাঁচটা কণীৰ কুহুম, এটা পকা কল আৰু এটা গোটা কণীৰে ঘৰতে পেক এটা বনাই মূৰৰ ছালত লগাওক। আধা ঘণ্টা ৰাখি গৰম পানীৰে ধুব। যিকোনো ব্যক্তিয়ে ইচ্ছা কৰিলে ছেম্পু কৰিব পাৰে।’
চুলিৰ স্বাস্থ্যৰ বাবেও পুষ্টি গুৰুত্বপূৰ্ণ : বয়সৰ লগে লগে শৰীৰৰ শক্তি কমি যায়। শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনে চুলিৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। গতিকে খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো প্রয়োজন। ডিম্পলে কয় যে তেওঁ সৰুৰে পৰা বহুত মাছ খাই আহিছে। চুলিৰ স্বাস্থ্যৰ
বাবে প্ৰ’টিন, ওমেগা-৩ ফেটি এচিড অতি গুৰুত্বপূৰ্ণ। বিভিন্ন ধৰণৰ মাহ জাতীয় আৰু বাদামো
খাদ্যৰ তালিকাত ৰাখিব লাগে ।