Delhi Assembly Election Result:
▶️ দিল্লী বিধানসভাৰ ৭০ আসনৰ ভোট গণনা ৷
▶️ ২৭ বছৰৰ পিছত দিল্লীত ফুলিল কমল !
▶️ গেৰুৱাময় হ’ল ৰাজধানী দিল্লী ৷
▶️ শোচনীয় পৰাজয় আপৰ দুই মহাৰথীৰ ৷
▶️ কেজৰিয়াল আৰু মনিষ পৰিল ৰণত ৷
▶️ মান ৰাখিলে মুখ্যমন্ত্ৰী আতিশীয়ে ৷
▶️ কালকাজী সমষ্টিত বিজয়ী মুখ্যমন্ত্ৰী গৰাকী ৷
▶️ নতুন দিল্লী সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল পৰাস্ত ৷
▶️বিজেপিৰ প্ৰৱেশ বাৰ্মাৰ হাতত ১২০০ভোটৰ ব্যৱধানত পৰাভূত কেজৰিয়াল ৷
▶️প্ৰৱেশ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিংহ বাৰ্মাৰ পুত্ৰ ৷
▶️ জংগপুৰ সমষ্টিত পৰাজয় প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী মনীষ ছি’ছডিয়া ৷
▶️ বিজেপিৰ প্ৰাৰ্থী তৰবিন্দৰ সিঙৰ হাতত মাত্ৰ ৫৭২টা ভোটৰ ব্যৱধানৰ পৰাজয় চিছদিয়া ৷
▶️ বৰ্তমানলৈকে বিজেপিয়ে লাভ কৰিছে ৪৭ খন আসন ৷
▶️ আপে লাভ কৰিছে ২৩ খন ৷