RBI:
বিভিন্ন প্রত্যাহ্বানে ঘেৰি ধৰা দেশৰ অথর্থনীতিক গতি দিয়াৰ উদ্দেশ্যে ভাৰতীয় ৰিজার্ভ বেংকে সুদীর্ঘ পাঁচ বছৰৰ পাছত আজি ঋণৰ সুতৰ হাৰ (ৰেপ’ ৰেট) কর্তন কৰে যদিও অভীষ্ট সিদ্ধিৰ পথত আৰম্ভণিতে উজুটি খালে। বিগত বহুদিন ধৰি শ্বেয়াৰ বজাৰে উত্থানতকৈ অধিক পতনৰ সম্মুখীন হৈ আহিছে। শ্বেয়াৰ বজাৰৰ এই অস্থিৰতা দূৰ কৰাটোও আছিল ৰিজার্ভ বেংকৰ ৰেপ’ ৰেট হ্ৰাসৰ অন্যতম উদ্দেশ্য। দেশৰ কেন্দ্ৰীয় বেংকৰ এনে প্রত্যাশাৰ বিপৰীতে আজি দেশৰ দুয়োখন শ্বেয়াৰ বজাৰত সূচকাংকৰ বৃহৎ পতন ঘটে। এয়া আছিল ৰিজার্ভ বেংকৰ বাবে সম্পূর্ণ অনাকাংক্ষিত। আজি অনুষ্ঠিত ৰিজার্ভ বেংকৰ মুদ্রা নীতি সমিতিয়ে বেগ’ ৰেট ০.২৫ শতাংশ হ্রাস কৰে। ফলত সম্প্রতি ৰেপ’ বেট ৬.২৫ শতাংশ হৈছে। ৰিজার্ভ বেংকে নিজৰ অধীনৰ বিভিন্ন বেংকক দিয়া ঋণৰ বিপৰীতে আৰোপ কৰা সুতৰ হাৰেই হ’ল ৰেপ’ বেট।
যিহেতু ৰিজার্ভ বেংকে ঋণৰ হাৰ কৰ্তন কৰিছে গতিকে ইয়াৰ অধীনৰ বেংকসমূহে গ্রাহকসকলক প্ৰদান কৰা গাড়ী, গৃহ ঋণ আদিৰ মাহিলি কিস্তি (ইএমআই) ও হ্রাস পাব। গতিকে ৰেপ’ বেট কর্তনে ঋণ গ্রহণকাৰীসকলক এক বৃহৎ সকাহ প্ৰদান কৰাটো নিশ্চিত। ইয়াৰ বিপৰীতে ৰিজার্ভ বেংকৰ এই মুদ্রা নীতিয়ে আজি শ্বেয়াৰ বজাৰতো কিঞ্চিতো ইতিবাচক প্রভাৱ পেলাব নোৱাৰিলে। তাৰ বিপৰীতে বোম্বে আৰু দিল্লী দুয়োখন শ্বেয়াৰ বজাৰতে সূচকাংকৰ প্ৰচণ্ড খহনীয়াহে ঘটে। ফলস্বৰূপে বিনিয়োগকাৰীসকল লাখ লাখ কোটি টকাৰ লোকচানৰ সম্মুখীন হয়।
পুৱা ষ্টক এক্সচেঞ্জ খোলাৰ সময়ত বোম্বে স্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্স আছিল ৭৮,১১৯.৬০ পইন্ট। ইয়াৰ বিপৰীতে দিনান্তত ছেনছেক্স ৭৭,৮৬০.১৯ পইন্টলৈ নামে। অর্থাৎ আজিৰ দিনটোত ছেনছেক্সৰ প্ৰায় দুশ পইন্ট অর্থাৎ ১৯৭.৯৭পইণ্টৰ পতন ঘটে। শতাংশৰ হাৰত এই পতন ০.২৫ শতাংশ। অৱশ্যে দিনটোৰ মাজভাগত ছেনছেক্স ৭৮,৩৫৬.৬৯লৈ বৃদ্ধি পাইছিল। তাৰ পাছৰে পৰা ছেনছেক্সৰ পতন আৰম্ভ হয়। একেদৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটীৰো আজি ৪৩.৪০ পইণ্টৰ পতন ঘটে। শতাংশৰ হিচাপত আজি নিফটীৰ পতন ০.১৮ শতাংশ। আনহাতে, একাংশ বিশ্লেষকৰ মতে, ৰিজার্ভ বেংকৰ ঋণৰ সুতৰ হাৰ কৰ্তনে শ্বেয়াৰ বজাৰত ইতিবাচক প্ৰভাৱ নেপেলোৱাৰ বিভিন্ন কাৰণ আছে।
# কিমান হ্রাস পাব গাড়ী-গৃহ ঋণৰ ইএমআই
অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিত জুৰুলা জনতাক আজি ৰিজার্ভ বেংকৰ ঋণৰ সুতৰ হাৰ কৰ্তনে কিছু সকাহ দিব। ইয়াকে লৈ বহুজনে স্বস্তিৰ নিশ্বাস পেলাইছে। কাৰণ ৰিজার্ভ বেংকৰ ৰেপ’ ৰেট কর্তনে গৃহ আৰু গাড়ী ঋণৰ ইএমআইৰ পৰিমাণ হ্ৰাস কৰি গ্ৰাহকসকলক সকাহ দিব। ঋণৰ ইএমআই কেনেদৰে হ্রাস পাব, সেয়া বুজি পাবলৈ এটা উদাহৰণ লোৱা হওক। ধৰা হ’ল এজন ব্যক্তিয়ে ১০ লাখ টকাৰ গাড়ী ঋণৰ বাবদ ন শতাংশ সুতত ২০,৭৫৮ টকাৰ ইএমআই পৰিশোধ কৰি আছে। সম্প্ৰতি আৰবিআয়ে ৰেপ’ ৰেট ০.২৫ শতাংশ কৰ্তন কৰাৰ ফলত গ্রাহকজনৰ ঋণৰ সুতৰ হাৰ ৮.৭৫ শতাংশলৈ হ্রাস পাব। এই হাৰত তেওঁ ২০,৬৩৭ টকাৰ ইএমআই পৰিশোধ কৰিব লাগিব।
এই একে ধৰণে গৃহ ঋণৰ সুতৰ হাৰো হ্রাস পাব। তদুপৰি ইচ্ছুকসকলে নতুন গাড়ী আৰু গৃহ ঋণৰ বাবেও আবেদন জনোৱাৰ সুবিধা পাব। আনহাতে, ৰিজার্ভ বেংকে ৰেপ’ ৰেট হ্ৰাস কৰাৰ ফলত শীঘ্রেই ইয়াৰ অধীনৰ বিভিন্ন বেংকে ঋণৰ সৰ্বনিম্ন সুতৰ হাৰ ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। ৰিজার্ভ বেংকৰ অধীনৰ ৰাজহুৱা আৰু ব্যক্তিগত-দুয়ো ধৰণৰ বেংকেই ৰেপ’ ৰেট হ্ৰাসৰ লগে লগে ঋণৰ সুতৰ নতুন হাৰ ঘোষণা কৰে। ইপিনে, আজি ৰেপ’ ৰেট হ্রাস কৰাৰ কথা ঘোষণা কৰি ৰিজার্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রাই কয়, ‘মুদ্রা নীতি সমিতিৰ বৈঠকত গৃহীত সর্বসম্মত সিদ্ধান্তমর্মে ৰেপ’ ৰেট হ্ৰাস কৰা হৈছে। ঋণৰ সুতৰ হাৰ হ্রাসে দেশৰ আৰ্থিক কাম-কাজলৈ গতি আনিব।’