RBI keeps repo rate unchanged:
ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)-এ সাধাৰণ নাগৰিকক বৃহৎ সকাহ দিলে। একেৰাহে দশমবাৰৰ বাবে ৰেপ’ ৰেট অপৰিৱৰ্তিত ৰাখিলে আৰবিআয়ে। ৰেপ’ ৰেট বৃদ্ধি নকৰাত গৃহ আৰু গাড়ীৰ ইএমআইৰ পৰিমাণ বৃদ্ধি নহ’ব।
ADVERTISEMENT
আৰবিআইৰ মণিটৰী পলিচী কমিটীৰ বৈঠক আছিল আৰু উক্ত বৈঠকত ৰেপ’ ৰেট বৰ্তমানৰ ৬.৫০ শতাংশ বাহাল ৰখাৰ সিদ্ধান্ত লোৱা হ’ল।
আৰবিআয়ে লগতে সদৰী কৰা অনুসৰি, ২০২৪- ২৫ বিত্তীয় বৰ্ষত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ৭.২ শতাংশ পর্যন্ত হ’ব পাৰে। চলিত বিত্তীয় বর্ষত দেশৰ মুদ্রাস্ফীতিৰ হাৰ ৫.৪ শতাংশ হ’ব পাৰে বুলিও আৰবিআয়ে উল্লেখ কৰিছে।





























