দুৰ্ঘটনাৰ তালিকাত শীৰ্ষত কোন ৰাজ্য ?
দেশত দৈনিক দুৰ্ঘটনাত নিহত কমেও ৫০০ জন লোক।একাধিক পদক্ষেপ গ্ৰহণৰ পাছতো ভাৰতত হ্ৰাস পোৱা নাই পথ দুর্ঘটনা। প্রতিদিনে পথ দুৰ্ঘটনাত ভাৰতত ২০২২ বৰ্ষত গড়ে মৃত্যু হৈছিল ৪৬২ জন লোকৰ।
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রণালয়ৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২২ বৰ্ষত ভাৰতত দৈনিক কমেও ১২৬৪ টা পথ দুৰ্ঘটনা হৈছিল। দেশত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ সৰহসংখ্যকৰে বয়স ২৫-৩০ বছৰৰ ভিতৰত।
২০২২ত দেশত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ১.৬৮ লাখ লোকৰ। ইয়াৰে ৪৭ হেজাৰৰ বয়স আছিল ২৫-৩৫ বছৰৰ ভিতৰত। দুৰ্ঘটনাৰ নিৰিখত দেশৰ ভিতৰতে উক্ত বৰ্ষত সর্বাধিকসংখ্যক পথ দুর্ঘটনা তামিলনাডুত হৈছিল।
উক্ত ৰাজ্যখনত ২০২২ত মুঠ ৬৪,১০৫ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল। আনহাতে, উত্তৰ প্ৰদেশত ২০২২ত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল প্ৰায় ২৩ হেজাৰ লোকৰ।
উক্ত বছৰত মধ্যপ্ৰদেশত ৫৪,৪৩২ টা, কোলাত ৪৩,৯১০, উত্তৰ প্ৰদেশত ৪১৭৪৬টা পথ দুৰ্ঘটনা হৈছিল। ২০২১ৰ পৰা ২০২২ৰ সময়ছোৱাত ভাৰতত প্ৰায় ১২ শতাংশ পথ দুর্ঘটনা বৃদ্ধি পাইছিল।