Mahakumbh গণনা কৰি শেষ নহ’ব! কুম্ভত এই পর্যন্ত কিমানে ‘পাপ ধুলে’ জানেনে?
মহাকুম্ভই গঢ়িলে অভিলেখ। এতিয়াও বহু দিন বাকী। তাৰ আগতেই পূৰণ হ’ল লক্ষ্যমাত্ৰা ।
১৪৪ বছৰৰ পাছত, গংগা, যমুনা আৰু ত্ৰিবেণী মহাসঙ্গমত আয়োজন কৰা হৈছে মহাকুম্ভৰ । প্ৰয়াগৰাজত এতিয়া উৎসৱমুখৰ পৰিৱেশ।
বিগত মাহৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হৈছে মহাকুম্ভ মেলা। এতিয়াও শেষ হ’বলৈ বহুদিন বাকি । ২৬ ফেব্ৰুৱাৰীলৈকে চলিব এই মেলা। আৰু তাৰ আগেই লক্ষ্য পূৰণ হ’ল যোগী প্ৰশাসনৰ ।
প্ৰয়াগৰাজৰ মহাকুম্ভৰ আৰম্ভণিতে প্ৰশাসনিক বিষয়াসকলে ঘোষণা কৰে যে প্ৰায় ৪০ কোটি ভক্তই এই মহাকুম্ভত যোগদান কৰিব। কিন্তু হিচাপ কৰাৰ পাছত দেখা গ’ল যে কুম্ভ মেলাৰ অন্ত পৰাৰ প্ৰায় তিনি সপ্তাহ আগতেই এই লক্ষ্য পূৰণ হৈছে।
চৰকাৰী সূত্ৰ অনুসৰি, বৃহস্পতিবাৰৰ লৈকে প্ৰায় ৪০ কোটি তীৰ্থযাত্ৰীয়ে অমৃত স্নান সম্পূৰ্ণ কৰিছে।উল্লেখ্য যে , বিগত শুক্ৰবাৰে এদিনতে ৯৪ লাখ তীৰ্থযাত্ৰীয়ে অমৃত স্নান কৰে।
এতিয়াও বাকী আছে ১৯ দিন । আৰু ২৬ ফেব্ৰুৱাৰীৰ ভিতৰত এই সংখ্যাই ৫০ কোটিৰ সীমা অতিক্ৰম কৰিব পাৰে বুলি প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশ প্ৰশাসনে ।