সম্পত্তিক লৈ বিবাদ, বিখ্যাত উদ্যোগপতিক হত্যা কৰিলে নাতিয়ে !

IMG 20250210 WA0106

সম্পত্তিক লৈ বিবাদ, বিখ্যাত উদ্যোগপতিক হত্যা কৰিলে নাতিয়ে !

সম্পত্তিৰ বিবাদৰ বাবে ভেলজান ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক জনাৰ্ধন ৰাওক হত্যা ।

তথ্য অনুসৰি ২৮ বছৰীয়া তেওঁৰ নাতিয়ে হানি কুচি হত্যা কৰিলে জানাৰ্ধনক। ইতিমধ্যে জানাৰ্ধন ৰাওৰ নাতি কীৰ্থী তেজাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখ্য যে ,শেহতীয়াকৈ স্নাতকোত্তৰ অধ্যয়ন সম্পূৰ্ণ কৰি আমেৰিকাৰ পৰা উভতি আহিছিল যুৱকজন।

ভেলজান ইণ্ডাষ্ট্ৰিয়েল গ্ৰুপ হাইড্ৰলিক কম্পোনেণ্ট, জাহাজ নিৰ্মাণ, শক্তি আৰু উদ্যোগিক সঁজুলি নিৰ্মাণৰ কামত জড়িত এই উদ্যোগ গোটৰ বজাৰ মূল্য ৪৬০ কোটি টকা।

তথ্য অনুসৰি,বৃহস্পতিবাৰে নিশা মাতৃ সৰোজিনী দেৱীৰ স’তে হায়দৰাবাদৰ জনাৰ্ধন ৰাওৰ ঘৰলৈ যায় কীৰ্থী।

তাতে কীৰ্থীয়ে ৮৬ বছৰীয়া জনাৰ্ধনৰ লগত সংস্থাৰ এটা পৰিচালক পদক লৈ তৰ্কত লিপ্ত হয়।

শেহতীয়াকৈ জনাৰ্ধন ৰাৱে ডাঙৰ কন্যাৰ পুত্ৰ শ্ৰীকৃষ্ণক ভেলজান গোটৰ পৰিচালক হিচাপে নিযুক্তি দিয়ে। আনহাতে কন্যাৰ পুত্ৰ কীৰ্থীৰ নামত তেওঁ চাৰি কোটি টকাৰ শ্বেয়াৰ ট্ৰেন্সফাৰ কৰে।

অৱশ্যে সেই কথাত সন্তুষ্ট নহ’ল কীৰ্থী। ককাকে বঞ্চিত কৰা বুলি অভিযোগ কীৰ্থীৰ। সৰুৰ পৰাই ককাকে কীৰ্থীক আওকাণ কৰাৰো অভিযোগ।

উল্লেখ্য যে তৰ্কৰ মাজতে কীৰ্থীয়ে জনাৰ্ধন ৰাওক চুৰিৰে প্ৰহাৰ কৰে ।হাতাহাতিৰ সময়ত, কীৰ্থীয়ে এখন চুৰিৰে জনাৰ্দন আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ।

আৰক্ষীয়ে জনাই যে জনাৰ্দনৰ শৰীৰত প্ৰায় ৭০ টা আঘাতৰ চিহ্ন।

প্ৰাথমিক তদন্তৰ অন্তত সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে যে ঘটনাৰ সময়ত কীৰ্থীয়ে ড্ৰাগছ সেৱন কৰি আছিল ।

মৃত জনাৰ্ধন ৰাও সমাজ সেৱাৰ বাবেও জনপ্ৰিয় আছিল শেহতীয়াকৈ তেওঁ এলুৰুত এখন চৰকাৰী চিকিৎসালয় নিৰ্মাণৰ বাবেও বিপুল পৰিমাণৰ ধন আগবঢ়াইছে ।

Exit mobile version