অনলাইনত পিষ্টল তৈয়াৰী প্রশিক্ষণ, দশম শ্ৰেণীৰ কিশোৰৰ ঘৰত অস্ত্রৰ কাৰখানা !
অনলাইনত দেশী পিষ্টল কেনেদৰে বনাব পাৰি তাক শিকাৰ পাছত কিশোৰে ঘৰত খুলিলে অস্ত্ৰ কাৰখানা । শিক্ষাৰ লগতে চলাই গৈছিল অস্ত্ৰৰ ব্যৱসায়ো । অৱশেষত প্ৰায় এবছৰ ধৰি এই অবৈধ ব্যৱসায় চলাই থকা দশম শ্ৰেণীৰ ছাত্ৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
কিশোৰজনৰ ঘৰত তালাচী চলাওঁতে আৰক্ষীয়ে তাত পোৱা অস্ত্ৰ-শস্ত্ৰৰ ভঁৰাল দেখি স্তম্ভিত হৈ পৰে। এই ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ জলন্ধাৰৰ কোট মহল্লা অঞ্চলত।
দীৰ্ঘদিন ধৰি জলন্ধৰ আৰক্ষীয়ে অঞ্চলটোত অস্ত্ৰ কাৰখানা গঢ়ি উঠাৰ আভাস পাই আহিছিল। একাধিক অপৰাধীৰ পৰা জব্দ কৰা হৈছিল অস্ত্ৰ ।ইয়াৰ পাছতে প্ৰশাসনে অস্ত্ৰ কাৰখানা বিচাৰিবলৈ আৰম্ভ কৰে ।
অৱশেষত জাল পাতি ছাত্ৰজনৰ ওচৰ পালেগৈ আৰক্ষী। তেওঁৰ ঘৰৰ তালাচীৰ সময়ত ১০টা দেশীয় পিষ্টল, লোহা কাটিব পৰা মেচিন, ড্ৰিল মেচিনকে ধৰি পিষ্টল নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা বহু সামগ্ৰী উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি নম্বৰ প্লেট নথকা এখন স্কুটিও জব্দ কৰা হৈছে।
আৰক্ষীৰ মতে, এই বাহনখন ব্যৱহাৰ কৰি অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰা হৈছিল।
অভিযুক্তক সোধা-পোছা কৰাৰ পাছত আৰক্ষীয়ে গম পায় যে তেওঁ পিষ্টল নিৰ্মাণৰ অনলাইন প্ৰশিক্ষণ লৈছিল। ইয়াৰ পাছত ১১ মাহ পূৰ্বে তেওঁ নিজৰ ঘৰতে এটা অস্ত্ৰ কাৰখানা খুলি লয়।
স্বাভাৱিকতে দশম শ্ৰেণীৰ ছাত্ৰ এজনৰ এনে ঘটনা দেখি আৰক্ষী বিষয়াসকল হতভম্ব হৈ পৰে।
যদিও অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰাটো যথেষ্ট নহয়, তথাপিও ইয়াক বিক্ৰী কৰিবলৈ বিশেষ সম্পদৰ প্ৰয়োজন। আৰক্ষীৰ অনুমান এই কিশোৰজনে অকলেই এই কাম কৰা সম্ভৱ নহয়।
আৰক্ষীৰ মতে ইয়াৰ আঁৰত এটা ডাঙৰ গেং থাকিব পাৰে।আৰক্ষীয়ে অভিযুক্ত ছাত্ৰজনক জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে। এই অস্ত্ৰ চুক্তিৰ স’তে আৰু কোন জড়িত সেই কথা জানিবলৈ প্ৰচেষ্টা অব্যাহত আছে।




































