Laokhowa burhachapori wildlife sanctuary:নগাঁৱৰ বজাৰত লাওখোৱা- বুঢ়াচাপৰি অভয়াৰণ্যৰ বিলৰ মাছ
মাছ ব্যৱসায়ীয়ে দাবী কৰে :ৰৌমাছ-মোৱামাৰী বিলৰ মাছ
:নগাঁও চহৰ আৰু ইয়াৰ পার্শ্বৱৰ্তী একাংশ পাইকাৰী আৰু খুচুৰা মাছৰ বজাৰত মাছ বিক্রী কৰি থকা অধিকাংশ মাছ বেপাৰীৰ মুখত প্ৰায়েই শুনা যায়, ‘লৈ যাওক লৈ যাওক লাওখোৱা সুঁতিৰ মাছ, পাভকাটি, ৰৌমাৰী বিলৰ মাছ, মোৱামাৰী, খলিহামাৰী বিলৰ মাছ, তাজা তাজা মাছ।’ এই মাছ ব্যৱসায়ীসকলে বিক্ৰী কৰা মাছ কোন বিলৰ বুলি প্রশ্ন কৰিলে তেওঁলোকে যি কেইখন বিলৰ মাছ বুলি দাবী কৰে সেই সকলোবোৰ বিলেই লাওখোৱা- বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তর্গত। শেহতীয়াকৈ নগাঁও চহৰৰ ধিং গেটৰ পার্শ্ববর্তী নতুনকৈ গঢ় লৈ উঠা মাছৰ এখন পাইকাৰী বজাৰতো লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ ৰৌমাৰী আৰু মোৱামাৰী বিলৰ বুলি দাবী কৰা চাৰিৰ পৰা সাত-আঠ কেজি ওজনৰ প্ৰকাণ্ড প্রকাণ্ড ৰৌ আৰু ঢেকেৰা মাছ অবাধে বিক্ৰী হৈ থকা পৰিলক্ষিত হৈছে। যোৱা ২০ দিন ধৰি বিল দুখনৰ প্ৰকাণ্ড প্রকাণ্ড ৰৌ মাছ আৰু ঢেকেৰা মাছ বিক্ৰী হৈ আছে। মাছৰ ৰং আৰু ওজনেও সাব্যস্ত কৰে সেই সমূহ যে বিলৰেই মাছ। লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্য কৰ্তৃপক্ষৰ লগতে
নগাঁও বন বিভাগে ‘বন্যপ্ৰণী সংমণ্ডল’ অভয়াৰণ্যখনৰ ভিতৰৰ কোনো এখন বিলতেই চোৰাং মাছমৰীয়াৰ দলে মাছ ধৰিব পৰা নাই বুলি দাবী কৰি আহিছে যদিও তেওঁলোকৰ এই দাবীৰ সামন্তৰালকৈ নগাঁৱৰ মাছ ব্যৱসায়ীয়ে নিজেই লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ বিলৰ মাছ বুলি কৈ প্রকাণ্ড প্রকাণ্ড ৰৌ-ঢেকেৰা মাছ বিক্ৰী কৰি থকা ঘটনাই ৰহস্য ঘনীভূত কৰি তুলিছে। ইপিনে, এই পাইকাৰী মাছৰ বজাৰখনৰ কাষৰ একাংশ ব্যৱসায়ীয়ে দাবী কৰা মতে, এই মাছসমূহ ৰৌমাৰী আৰু মোৱামাৰী বিলৰ মাছ হয়। কিয়নো ইমান প্রকাণ্ড প্রকাণ্ড ৰৌ আৰু ঢেকেৰা মাছ সেই বিল দুখনতহে পোৱা যায়। অৱশ্যে বন বিভাগৰ লগতে একাংশ পাইকাৰী মাছ ব্যবসায়ীয়ে এই অভিযোগ খণ্ডন কৰিছে। উল্লেখ্য যে বন বিভাগৰ অনুমতি অবিহনে বনাঞ্চলৰ ভিতৰত সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ; কিন্তু নগাঁও বন্যপ্রাণী সংমণ্ডল আৰু কাজিৰঙা ব্যঘ্ৰ প্ৰকল্পৰ অধীনস্থ লাওখোৱা অভয়াৰণ্য আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ বিল-জলাশয়সমূহত চোৰাং মাছমৰীয়াৰ দৌৰাত্ম্য বছৰ বছৰ ধৰি অব্যাহত আছে।
বন আইন অনুসৰি, বনাঞ্চলৰ ভিতৰৰ বিল-জলাশয়সমূহত মাছ মৰাটো নিষিদ্ধ যদিও নগাঁও বন্যপ্রাণী সংমণ্ডলৰ অধীনস্থ লাওখোৱা অভয়াৰণ্য আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ কেতবোৰ বিলত একাংশ চোৰাং মাছমৰীয়াই মাছ মাৰি থাকে। নগাঁও বন বিভাগে বিভিন্ন সময়ত এই চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই আহিছে যদিও কিছুদিন তাপমাৰি থকাৰ পাছত পুনৰ মূৰ দাঙি উঠে এই চোৰাং মাছমৰীয়াৰ দলসমূহ।
উল্লেখ্য যে লাওখোৱা-বুঢ়াচাপৰি অভায়াৰণ্যৰ ভিতৰত লাওখোৱা সুঁতি, পাভকাটি, ৰৌমাৰী, সুতাকুড়ি, উদমাৰী, লাঠিমাৰী, পলাশতলী, সোণাইকুছী, আৰিমাৰী, মোৱামাৰী, দন্দোৱা, চাপাকুড়ি, চৈধমাইল, খলিহামাৰী, হিজলতলী, খৰনলী, বগনলা, ছাটামাৰী, শিয়ালমাৰী, চেনীমাৰী, কাছধৰাকে প্ৰমুখ্য কৰি ২৯ খন বিল আছে। য’ত উভৈনদী হৈ আছে মাছ।