Minister Pijush Hazarika:
ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে মৰিগাঁও জিলাৰ ৰৌমাৰীস্থিত সীতাজখলা সমবায় চৌহদত মিনাৰেল মিক্সাৰ প্ৰস্তুত মজলীয়া উদ্যোগৰ প্ৰকল্প গৃহৰ আধাৰশিলা স্থাপন কৰে ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কয় , অসমত গো-পালন আৰু দুগ্ধ উৎপাদনেৰে আৰ্থ-সামাজিক ক্ষেত্ৰখনলৈ সীতাজখলাই উল্লেখনীয় অৱদান আগবঢ়াই আহিছে । মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে সীতাজখলাৰ দৰে প্ৰতিষ্ঠানসমূহৰ উত্তৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি মৰিগাঁও জিলাৰ ৰৌমাৰীস্থিত সীতাজখলা সমবায় চৌহদত মিনাৰেল মিক্সাৰ প্ৰস্তুত মজলীয়া উদ্যোগৰ প্ৰকল্প গৃহৰ আধাৰশিলা স্থাপনৰ পিছত অঞ্চলটোত উদ্যোগীকৰণত নতুন মাত্ৰা লাভ কৰিব ৷