Administration is ready to control traffic during the Mahakumbh:মাঘী পূৰ্ণিমাৰ পূৰ্বে মহাকুম্ভ যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ সাজু প্ৰশাসন !

প্ৰৱৰ্তন নতুন নিয়ম

parag

Administration is ready to control traffic during the Mahakumbh:

হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান মহাকুম্ভত ক্ৰমান্বয়ে বৃদ্ধি পাইছে জনসমাগম । শেহতীয়াকৈ বিশ্বত বিপুল জনসমাগমৰ বাবে ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁটৰ সাক্ষী হৈ পৰিছে। অহা বুধবাৰে মাঘী পূৰ্ণিমা। তাৰ আগতে যান-বাহন নিয়ন্ত্ৰণৰ বাবে নামিল যোগী চৰকাৰ । পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ লগতে শীৰ্ষ বিষয়াও নিযুক্তি দিয়া হৈছে।

ৰাজ্যৰ ডিজিপি প্ৰশান্ত কুমাৰে কয় যে এই যান-বাহন সমস্যাৰ কাৰণ হৈছে প্ৰচণ্ড জনসমাগম। প্ৰয়াগৰাজত মঙলবাৰে পুৱা আঠ বজাৰ পৰা প্ৰয়াগৰাজত বিপুল জনসমাগমৰ চাপ নিয়ন্ত্ৰণ কৰিবলৈ এই নতুন নিয়ম ৰূপায়ণ কৰা হৈছে। নতুন নিয়ম অনুসৰি মেলা খেলপথাৰৰ ভিতৰত কোনো যান-বাহন চলাচলৰ অনুমতি দিয়া নহ’ব। দুচকীয়া বাহনৰ পৰা চাৰিচকীয়া বাহনলৈকে সকলো গাড়ীতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

সমগ্ৰ প্ৰয়াগৰাজৰ যান-বাহন নিয়ন্ত্ৰণৰ বাবে নামি আহিছে আৰক্ষী জোৱান আৰু বিষয়াসকল। ইয়ালৈ অহা যান-বাহন পাৰ্কিঙৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে। আজিৰ পৰা সন্ধিয়া পাঁচ বজাৰ পাছত চহৰৰ বাহিৰৰ জিলা বা ৰাজ্যৰ পৰা অহা কোনো যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব বুলি চৰকাৰে অৱগত কৰিছে। এই নিয়ম মাঘী পূৰ্ণিমাৰ নিৰ্দিষ্ট তিথি শেষলৈকে প্ৰযোজ্য হ’ব।

মহাকুম্ভত ব্যাপক যান-বাহন সমস্যা সন্দৰ্ভত ৰাজ্যৰ ডিজিপি প্ৰশান্ত কুমাৰে কয়, ‘ইতিমধ্যে ত্ৰিবেণী সংগমত ৪০ কোটি লোকে অমৃত স্নান কৰিছে। বিপুল জনসমাগম আৰু যান-বাহনৰ দ্বাৰা সৃষ্টি হোৱা এই যান-বাহন সমস্যাৰ স’তে মোকাবিলা কৰাটো কোনো প্ৰশাসনৰ বাবে কঠিন।”

তেওঁ লগতে কয় এই পৰিস্থিতিত যান-বাহনৰ সমস্যা সচৰাচৰ দেখা যায়। ইয়াক কোনো ধৰণে প্ৰশাসনৰ বিফলতা বুলি ক’ব নোৱাৰি। ইয়াৰ মূল কাৰণ হৈছে ভক্তসকলৰ অত্যাধিক ভিৰ।”

লগতে তেওঁ কয়,সকলো আৰক্ষী কৰ্মী আৰু বিষয়াই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দিন-ৰাতি কাম কৰি আছে। তীৰ্থযাত্ৰীসকলক সকলো সম্ভৱ সহায় আগঢ়াইছে । নিৰাপত্তা নিশ্চিত কৰাত কোনো ত্ৰুটি এৰি দিয়া নাই । তথাপিও, আমাৰ আৰক্ষী কৰ্মীসকলে ধৈৰ্য্য আৰু উৎসাহেৰে কাম কৰি থকাটো প্ৰশংসনীয়। “

আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰয়াগৰাজত বৰ্তমান বিশ্বৰ সৰ্বাধিক সংখ্যক লোক আছে। অৱশ্যে, বৃহৎ যান-জঁটৰ স্বত্বেও, সোমবাৰে আবেলিৰ পৰা যান-বাহন ক্ৰমান্বয়ে স্বাভাৱিক হৈ পৰিছে।

এইটোৱে প্ৰমাণ কৰে যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে অক্লান্ত ভাৱে কাম কৰি আছে। । ফলস্বৰূপে কেৱল সমালোচনা কৰাৰ পৰিৱৰ্তে আমাৰ আৰক্ষী বাহিনীসমূহে এই ঐতিহাসিক সমাৱেশখন সফল কৰাৰ বাবে কেনেদৰে অভূতপূৰ্ব নিষ্ঠাৰে কাম কৰি আছে সেয়াও চাব ।

Exit mobile version