Maharashtra:মহাৰাষ্ট্ৰত গুলেইন-বাৰী চিণ্ড্ৰোমত আক্ৰান্ত ১৬৭ জন লোক

স্বাস্থ্য বিভাগৰ প্ৰতিবেদনত প্ৰকাশ ! ইতিমধ্যে সাতজনৰ মৃত্যু হৈছে

GBS 1

Maharashtra:

মহাৰাষ্ট্ৰত গুলেইন-বাৰী চিণ্ড্ৰোমৰ (জিবিএছ)ৰ আক্ৰান্ত সংখ্যা ১৬০ জন অতিক্ৰম কৰিছে। সোমবাৰে, এই কথা প্ৰকাশ কৰিছে ৰাজ্যিক স্বাস্থ্য বিভাগে । তথ্য ,অনুসৰি ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত মুঠ ১৯২ জন ৰোগী ভৰ্তি হৈ আছে, যিসকলৰ সৰ্বাধিক লক্ষণ গুলেইন-বেৰীৰ দৰেই।

ADVERTISEMENT

চৰকাৰী খবৰ অনুসৰি মহাৰাষ্ট্ৰত এই বিৰল স্নায়ু ৰোগত ইতিমধ্যে সাতজন লোকৰ মৃত্যু হৈছে। সকলোৰে জিবিএছৰ লক্ষণ আছিল। এই ৰোগত কি হয়? বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰিৰ ইয়াৰ প্ৰথম লক্ষণ হ’ল দুৰ্বলতা। প্ৰথমে ভৰি দুখন দুৰ্বল হৈ পৰে। লাহে লাহে হাত, মুখৰ পেশীবোৰো দুৰ্বল হৈ পৰে। ইয়াৰ পাছতে কিছুমান ৰোগীৰ পক্ষাঘাত হয়।

চিকিৎসকে জনাইছে যে, জিবিএছ আচলতে এটা বিৰল ‘অটোইম্যুন ডিছঅৰ্ডাৰ’। এই ৰোগত শৰীৰৰ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে। ডায়েৰিয়া, পেটৰ বিষ, জ্বৰ, বমি আদি লক্ষণ দেখা দিয়ে।

Exit mobile version