মহানগৰীৰ বামুণীমৈদামত লোমহৰ্ষক হত্যাকাণ্ড !
শোৱনি কোঠাত উঠাৰ তিনিটাকৈ মৃতদেহ
মহানগৰীৰ বামুণীমৈদামত লোমহৰ্ষক হত্যাকাণ্ড ৷অমৰ সংঘ পথত সংঘটিত হোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটী ৷
ADVERTISEMENT
পত্নী-পুত্ৰক হত্যা কৰি এজন লোকে চূড়ান্ত সিদ্ধান্ত লোৱাৰ সন্দেহ স্থানীয়লোকৰ ৷ ৰে’লৱে কলনিৰ এটা আবাসগৃহত উদ্ধাৰ হয় একে পৰিয়ালৰ তিনিজনৰ নিথৰদেহ ৷
মৃতদেহ কেইটা জুলি ডেকা, লোহিত ঠাকুৰীয়া আৰু দম্পতীহালৰ জীয়ৰী ঋত্বিকা ডেকা বুলি চিনাক্ত কৰা গৈছে ৷
ইতিমধ্যে ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷