সিংহলৰ জলসিঞ্চনৰ ৭০টা প্ৰকল্পৰ ঠিকা আবণ্টনত ব্যাপক অনিয়ম

একেদৰে ২৯ নম্বৰ কামটোৰ বাবে মেচার্চ ছাই এণ্টাৰপ্ৰাইজ এল-১ হিচাপে বিবেচিত হয় যদিও ঠিকাত অগ্ৰাধিকাৰ পায় এল-২ হিচাপে বিবেচিত হোৱা ৰেবৰাজ এণ্টাৰপ্ৰাইজে। আন এক অভিযোগ অনুসৰি প্ৰকল্পটোৰ বঢ়মপুৰ ডিভিজনৰ বাবে মাত্র এখন নিবিদা দাখিল কৰা হৈছিল। সুশীল কুমাৰ খাউণ্ডে দাখিল কৰে এই নিবিদা।

11 37

সিংহলৰ জলসিঞ্চনৰ ৭০টা প্ৰকল্পৰ ঠিকা আবণ্টনত ব্যাপক অনিয়ম

উচ্চ ন্যায়ালয়ত গোচৰ ভুক্তভোগী ঠিকাদাৰৰ

অগ্রাধিকাৰ লাভ কৰিছে বিভাগীয় মন্ত্ৰীৰ ঘনিষ্ঠইহে

পথাৰলৈ পানী যোগানৰ লুণ্ঠন

নীতি-নিয়ম ভংগৰে উপযুক্ত প্রতিষ্ঠানক বঞ্চিত কৰি স্বজন-তোষণ নীতিৰে ঠিকা আবণ্টনৰ গুৰুতৰ অভিযোগ

শপতনামা দাখিলৰ নির্দেশ জলসিঞ্চন বিভাগক

:জলসিঞ্চন বিভাগৰ ৭০ টা প্ৰকল্পৰ ঠিকা আৱণ্টনত হোৱা অনিয়মক লৈ স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অভিযোগ অনুসৰি বিভাগৰ ঠিকা আবণ্টনত জলসিঞ্চন মন্ত্রী অশোক সিংহলৰ ব্যক্তিগত সহায়কৰ প্ৰতিষ্ঠানে অগ্ৰাধিকাৰ লাভ কৰে।

ADVERTISEMENT

জলসিঞ্চন বিভাগৰ ৭৪ কোটি টকা মূল্যৰ ঠিকাত ভয়াৱহ অনিয়মৰ অভিযোগ উত্থাপন হৈছে। মুঠ ৭০ টা প্ৰকল্পৰ ঠিকা প্রদানত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ বিষয়টোক লৈ ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে সমগ্র প্রক্রিয়াত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ জাৰি কৰে। তদুপৰি জলসিঞ্চন বিভাগক শপতনামা দাখিলৰো নির্দেশ দিয়ে। খেতিপথাৰত পানী যোগানৰ বাবে আবণ্টিত ৭০ টা প্ৰকল্পৰ নিবিদাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ লগতে মন্ত্ৰীৰ ঘনিষ্ঠই ঠিকা প্রদানত অগ্ৰাধিকাৰ লাভৰ অভিযোগ উঠিছে।

জলসিঞ্চন বিভাগৰ অধিবক্তা জি এছ নেওগে আদালতক জনায় যে তেওঁ নির্দেশনা লাভ কৰিছে আৰু আজিৰে পৰা দুসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিব। এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ২৪ ফেব্ৰুৱাৰীত ধাৰ্য কৰা হৈছে। এই পর্যন্ত নিবিদা প্রক্রিয়াত স্থিতাবস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে ন্যায়াধীশ লানুছুংকুম জমিৰৰ আদালতে। অভিযোগ অনুসৰি যোগ্য প্রতিষ্ঠানক বঞ্চিত কৰি মন্ত্ৰীৰ ঘনিষ্ঠক কোটি কোটি টকাৰ ঠিকা আবণ্টন কৰা হয়। সর্বনিম্ন মূল্য দাখিল কৰা প্ৰতিষ্ঠানক ঠিকা নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। নিবিদা প্ৰক্ৰিয়াত এল-২ আৰু এল-৩ হিচাপে বিবেচিত প্রতিষ্ঠানসমূহ মন্ত্রী সিংহলৰ ঘনিষ্ঠ লোকৰ বুলি একাংশ ঠিকাদাৰে অভিযোগ কৰি আদালতৰ শৰণাপন্ন হয়।

কৃষি পথাৰত পানী যোগানৰ মুঠ ৭০ টা প্ৰকল্পৰ ৩৮ নম্বৰ কামটোৰ বাবে ৰাহুল এণ্টাৰপ্ৰাইজ এল-১ (সর্বনিম্ন মূল্যৰ নিবিদা) হিচাপে ৰাহুল এণ্টাৰপ্ৰাইজ এল-১ হিচাপে বিবেচিত হয়। অথচ জেএমএণ্ডএনজেএ নামৰ প্রতিষ্ঠানটোকহে ঠিকা আবণ্টন দিয়াত আদালতত বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে প্রত্যাহ্বান জনাই আদালতত গোচৰ ৰুজু কৰে ৰাহুল এণ্টাৰপ্ৰাইজে। একেদৰে ২৯ নম্বৰ কামটোৰ বাবে মেচার্চ ছাই এণ্টাৰপ্ৰাইজ এল-১ হিচাপে বিবেচিত হয় যদিও ঠিকাত অগ্ৰাধিকাৰ পায় এল-২ হিচাপে বিবেচিত হোৱা ৰেবৰাজ এণ্টাৰপ্ৰাইজে। আন এক অভিযোগ অনুসৰি প্ৰকল্পটোৰ বঢ়মপুৰ ডিভিজনৰ বাবে মাত্র এখন নিবিদা দাখিল কৰা হৈছিল। সুশীল কুমাৰ খাউণ্ডে দাখিল কৰে এই নিবিদা।

অভিযোগ উত্থাপিত হৈছে যে বিভাগে পুনৰ নিবিদা আহ্বান কৰিব লাগিছিল যদিও নিবিদাখন নাকচ নকৰি সুশীল কুমাৰ খাউণ্ডৰ প্রতিষ্ঠানকে দিয়া হয়। জলসিঞ্চন বিভাগৰ এনে বিভিন্ন অনিয়মৰ বিৰুদ্ধে প্রত্যাহ্বান জনাই ৰাহুল এণ্টাৰপ্ৰাইজে দাখিল কৰে এক আবেদন। এই গোচৰ (৬৫৩/২৫)ৰ শুনানি গ্রহণ কৰি স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যুটীয়া বিচাৰপীঠে। অহা ২৪ ফেব্ৰুৱাৰীত গোচৰটোৰ পুনৰ শুনানি গ্রহণ কৰিব বিচাৰপীঠে।

Exit mobile version