Ayodhya: ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্র দাসৰ দেহাৱসান ! অযোধ্যাত শোকৰ ছাঁ
ৰাম মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্র দাস দেহাৱসান। চিকিৎসাধীন অৱস্থাত বুধবাৰে পুৱা চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।তেওঁৰ মৃত্যুত সমগ্ৰ অযোধ্যাই শোক প্ৰকাশ কৰিছে।
দীৰ্ঘদিন ধৰি অসুস্থ আছিল মন্দিৰৰ পুৰোহিত সত্যেন্দ্র দাস । দুই ফেব্ৰুৱাৰীত তেওঁ ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হয় । তেওঁক পক্ষাঘাতগ্ৰস্ত অৱস্থাত সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ(এছজিপিজিআইএমএছ) লৈ যোৱা হয়।
বিগত কিছুদিন ধৰি তাত তেওঁ চিকিৎসাধীন হৈ আছিল। ষ্ট্ৰোকৰ উপৰিও, ৰাম মন্দিৰৰ মুখ্য পুৰোহিতৰ ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপ আছিল। চিকিৎসালয়লৈ অৱস্থাত তেওঁৰ খবৰ লবলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চিকিৎসালয়ত উপস্থিত হৈছিল ।
সত্যেন্দ্র দাসে আজি পুৱা প্ৰায় আঠ বজাত শেষ নিশ্বাস ত্যাগ কৰে । পুৰোহিতকজনক চিকিৎসালয়ৰ পৰা অযোধ্যালৈ অনা হ’ব। বৃহস্পতিবাৰে সৰয়ু নদীৰ পাৰত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আচাৰ্য সত্যেন্দ্র দাসৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, ‘শ্ৰীৰাম জন্মভূমি মন্দিৰৰ প্ৰধান পুৰোহিত ৰামৰ ভক্ত আচাৰ্য সত্যেন্দ্ৰ দাস মহাৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁৰ মৃত্যু সামাজিক আৰু আধ্যাত্মিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ প্ৰতি মোৰ বিনম্ৰ শ্ৰদ্ধা।শ্ৰীৰামক প্ৰাৰ্থনা কৰিছো যে তেওঁক তেওঁৰ চৰণত ৰাখি তেওঁৰ শিষ্য আৰু অনুগামীসকলক এই শোক সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।’