Guwahati Theft:
মহানগৰীত দীৰ্ঘদিন ধৰি অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস ৷ দিনদুপৰতে ৰাজপথেদি যোৱা অকলশৰীয়া মহিলাৰ পৰা সোনৰ চেইন থপিয়াই নিয়া চিলনী চোৰৰ সন্ত্ৰাসে আনকি আৰক্ষীকো খোৱাইছে জোলোকা জোলোকে পানী ৷
ADVERTISEMENT
এনে ঘটনাক্ৰমৰ মাজতে বুধবাৰে সোনৰ চেইন থপিয়াবলৈ গৈ পৰিল আৰক্ষীৰ জালত ৷ মহানগৰীৰ ৰুক্মিণীগাঁৱত চোৰে যুৱতীৰ ডিঙিৰ পৰা থপিয়াইছিল সোণৰ চেইন ৷ কিন্ত চিলনী চোৰটোক দিছপুৰ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰটোৰ নাম বাবুল আহমেদ ৷
ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবেমাৰাথন জেৰা চলাইছে গভাইত চিলনী চোৰটোক ৷