Pakistan violates ceasefire:
পুনৰ সীমান্তৰেখাত যুদ্ধবিৰতি উলংঘা কৰে পাক সেনাই। অৱশ্যে, তেওঁলোকে ইয়াৰ পৰিণাম ভুগিব লগা হ’ল। ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি, বুধবাৰে প্ৰতিশোধমূলক গুলীচালনাত কেবাজনো পাকিস্তানী সৈনিক নিহত হয়। বুধবাৰে জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ মেন্ধাৰ চেক্টৰত দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।
ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি, পাকিস্তানী সেনাই হঠাতে ১০ ৰ পৰা ১৫ ৰাউণ্ড গুলী চালনা কৰে। ইয়াৰ পাছত, ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিয়ে । সংঘৰ্ষৰ পাছত সীমান্তত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই যদিও ভাৰতীয় সেনাৰ বিষয়াসকলে পাছত জনাই যে আনফালে যথেষ্ট ক্ষতি হৈছে।
বহুতো হতাহত হোৱাৰ সম্ভাৱনা আছে। এদিন আগতে, সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ আখনুৰ খণ্ডত এটা আইইডি বিস্ফোৰণ সংঘটিত কৰে। ঘটনাটোত দুজন সৈনিক নিহত হয়। ইয়াৰ পাছত পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰে।
২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত এক নতুন যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হয়। তেতিয়াৰ পৰা যুদ্ধবিৰতি উলংঘন বিৰল। এইবছৰ সীমান্তত এইটো প্ৰথম যুদ্ধবিৰতি উলংঘন। আন এটা ঘটনাত সীমান্তত লেণ্ডমাইন বিস্ফোৰণত এজন সেনা জোৱান আহত হয়। আহত জোৱানজনক সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।