Jammu and Kashmir:✒️জম্মু-কাশ্মীৰৰ পুঞ্চত উগ্ৰপন্থীৰ অনুপ্ৰৱেশ অভিযান বিফল কৰিলে ভাৰতীয় সেনাই। সোমবাৰে পুৱা নিয়ন্ত্ৰণ ৰেখা পাৰ হোৱাৰ চেষ্টা চলায় উগ্ৰপন্থীয়ে।
কিন্তু তাত নিয়োজিত সেনা জোৱানে সন্দেহজনক গতিবিধি দেখা পাই তেওঁলোকৰ ওপৰত গুলীচালনা কৰে।
ভাৰতীয় সেনাৰ ধাৰাবাহিক গুলীচালনাৰ সন্মুখীন হৈ উগ্ৰপন্থী দলটোৱে পিছুৱাই যায়। তাৰ পৰা তেওঁলোকে পলাবলৈ চেষ্টা কৰিলে।
অৱশ্যে সমগ্ৰ অঞ্চলটোত কোনো লোকে ইতিমধ্যেই নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ দেশত প্ৰৱেশ কৰিছে নে নাই সেই সন্দৰ্ভত তালাচী অভিযান আৰম্ভ কৰিছে।
প্ৰসংগক্ৰমে, ধাৰাবাহিক বৰষুণ আৰু ভূমিস্খলনে বিধ্বস্ত কৰা জম্মু-কাশ্মীৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে জম্মুত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ।
শ্বাহৰ জম্মু ভ্ৰমণৰ পুৱাতে উগ্ৰপন্থীয়ে নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল। সেনাৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ৫:৩০ বজাত উগ্ৰপন্থীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলায়।
অৱশ্যে কিমানজন উগ্ৰপন্থী আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও সেনা বিষয়াগৰাকীয়ে পিটিআইক জনোৱা মতে, ভাৰতীয় সৈন্যই গুলীচালনা কৰাত উগ্ৰপন্থীসকল পিছুৱাই যায়।






























