Manipur:দুই সহকর্মীক হত্যা কৰি নিজেও আত্মহত্যা মণিপুৰৰ CRPF জোৱানৰ!

IMG 20250214 WA0031

Manipur:দুই সহকর্মীক হত্যা কৰি নিজেও আত্মহত্যা মণিপুৰৰ CRPF জোৱানৰ!

ADVERTISEMENT

 

মণিপুৰৰ এজন চি আৰ পি এফ জোৱানে তেওঁৰ দুজন সহকৰ্মীক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি তেওঁৰ গুলীচালনাত আৰু আঠজন লোক আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে বৃহস্পতিবাৰে নিশা প্ৰায় আঠ বজাত মণিপুৰৰ ৰাজধানী ইম্ফলৰ লামছাং সেনা শিবিৰত সংঘটিত হয় এই আক্ৰমণ।

মণিপুৰ আৰক্ষীৰ এক্স হেণ্ডলে দাবী কৰিছে যে অভিযুক্ত জোৱানজন বাহিনীটোৰ ১২০ নং বেটেলিয়নত আছিল। অভিযোগ অনুসৰি তেওঁ নিজৰ চাৰ্ভিচ ৰাইফলৰ পৰা গুলীচালনা কৰিছে।

আৰক্ষী আৰু চি আৰ পি এফৰ জ্যেষ্ঠ বিষয়াসকলে আক্ৰমণৰ খবৰ পাই দ্ৰুত গতিত সেই স্থানত উপস্থিত হয়। ততাতৈয়াকৈ আহত জোৱানক ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়।

মণিপুৰ আৰক্ষীৰ এক্স-হেণ্ডেলে কয়, “এটা দুৰ্ভাগ্যজনক ঘটনাত আজি নিশা প্ৰায় আঠ বজাত ইম্ফল পশ্চিম জিলাৰ লামবাঙত চিআৰপিএফ শিবিৰৰ ভিতৰত সন্দেহজনক ‘ভ্ৰাতৃঘাতী’ আক্ৰমণৰ খবৰ পোৱা গৈছে।

এজন চিআৰপিএফ জোৱানে তেওঁৰ দুজন চিআৰপিএফ সহকৰ্মীক গুলীয়াই হত্যা কৰে আৰু আন আঠজনক আহত কৰিছে। পাছত তেওঁ বন্দুকৰ সহায়ত নিজেও আত্মহত্যা কৰে । তেওঁ এফ-১২০ Coy চিআৰপিএফৰ সদস্য আছিল।

আক্ৰমণৰ খবৰ পাই সেই স্থানত ততাতয়াকৈ উপস্থিত হয় জ্যেষ্ঠ আৰক্ষী আৰু চিআৰপিএফ বিষয়াসকল । ’

Exit mobile version