US Deports Indian Migrants:
আমেৰিকাৰ পৰা অবৈধ ভাৰতীয় নাগৰিকৰ বহিস্কাৰ কৰা প্ৰক্ৰিয়া ইতিম্যেই আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত ১০৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰা হৈছে।
এইবাৰ ভাৰতলৈ অবৈধ নাগৰিক প্ৰেৰণৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পাল। এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ অসামৰিক বিমান পৰিবহণ সংস্থা (চিভিল এভিয়েশন ব্যুৰো)লৈ পত্ৰ প্ৰেৰণ কৰিছে । সেই বাৰ্তাত লিখা হৈছে আমেৰিকাৰ পৰা অবৈধ ভাৰতীয় নাগৰিকক কঢ়িয়াই অনা দুখন বিশেষ বিমান পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰিব। প্ৰথমখন ১৫ ফেব্ৰুৱাৰীত আৰু দ্বিতীয়খন ১৬ ফেব্ৰুৱাৰীত।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি ১৫ ফেব্ৰুৱাৰী (শনিবাৰ) নিশা প্ৰায় ১০:০৫ বজাত অমৃতসৰত ১১৯ জন ভাৰতীয় নাগৰিকৰ স’তে প্ৰথমখন বিমান অৱতৰণ কৰিব। ইফালে দ্বিতীয়খন বিমান পিছদিনা অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীৰ নিশা ভাৰতৰ মাটিত অৱতৰণ কৰিব। অৱশ্যে দ্বিতীয়খন বিমানত কিমানজন ভাৰতীয় নাগৰিক থাকিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
১৫ ফেব্ৰুৱাৰীৰ বিমানখনত ৬৭ জন পঞ্জাৱৰ আৰু ৩৩ জন হাৰিয়ানাৰ আছে। ইয়াৰ উপৰিও, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানত থাকিব গুজৰাট, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ১৯জন বাসিন্দা । ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বাস কৰা বিভিন্ন দেশৰ নাগৰিকসকলক বহিস্কাৰ কৰাৰ সিদ্ধান্ত লৈছে। যোৱা সপ্তাহত, ১০৪ জন অবৈধ ভাৰতীয়ক কঢ়িয়াই অনা এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান অমৃতসৰত অৱতৰণ কৰে।
উল্লেখ্য যে,তেওঁলোকৰ কিছুমানৰ ভিছাৰ ম্যাদ উকলি গৈছিল আৰু আন কিছুমানে মেক্সিকো সীমান্তৰ মাজেৰে অবৈধভাৱে আমেৰিকা প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকাৰ অভিযোগ উত্থাপন হৈছে । একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰক্ষীয়ে অবৈধ অনুপ্ৰৱেশকাৰী ভাৰতীয়সকলক হাতে ভৰিয়ে শিকলি লগাই বিমানবন্দৰলৈ লৈ আহে!
এই পৰিপ্ৰেক্ষিতত বিৰোধী সাংসদসকলে সংসদৰ বাজেট অধিৱেশনত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে । সাত ফেব্ৰুৱাৰীত, বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে জনাই যে ট্ৰাম্প প্ৰশাসনে তেওঁলোকক জনাইছিল যে ৪৮৭ জন অবৈধ ভাৰতীয় নাগৰিকক আমেৰিকালৈ প্ৰেৰণ কৰা হ’ব।
এই পৰিস্থিতিত ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স’তে অবৈধ ভাৰতীয় নাগৰিকসকলক দেশলৈ বহিস্কাৰ কৰাৰ বিষয়ে কথা পাতে। ট্ৰাম্পৰ কাষত থিয় হৈ মোডীয়ে কয় যে আমেৰিকাত অবৈধভাৱে বাস কৰা সকলো ভাৰতীয়ক ঘূৰাই ল’বলৈ ভাৰত সাজু ।