Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

    Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

    BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

    BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

    যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

    যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Editor's Choice

অংক মাথোঁ লাভ-লোকচানৰ

# প্রাঞ্জলসেন ডেকা

publisher by publisher
February 17, 2025
in Editor's Choice
Reading Time: 1 min read
0
অংক মাথোঁ লাভ-লোকচানৰ
1
SHARES
8
VIEWS
ShareShareShareShare

অংক মাথোঁ লাভ-লোকচানৰ

# প্রাঞ্জলসেন ডেকা

ব্যাপক জল্পনা-কল্পনাৰ মাজেদি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বহু চর্চিত আমেৰিকা ভ্রমণ সামৰি স্বদেশলৈ উভতিল। দ্বিতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ড’নাল্ড ট্রাম্পে ঘোষণা কৰা এটাৰ পাছত আনটো সিদ্ধান্তই সমগ্র বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে। বিশেষকৈ আমদানিকৃত বিদেশী সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি আৰু আমেৰিকাত বাস কৰা অনুপ্রবেশকাৰীসকলক ধৰি-বান্ধি স্বদেশলৈ উভতাই পঠিওৱাৰ বিষয় দুটিয়ে ভাৰতসহ বহু দেশকে প্রভাৱিত কৰিছে।

ADVERTISEMENT

এনে এক জটিল প্রেক্ষাপটত প্রধানমন্ত্রী মোদীৰ আমেৰিকা ভ্রমণ আৰু ৰাষ্ট্ৰপতি ট্রাম্পক সাক্ষাৎ যথেষ্ট গুৰুত্বপূর্ণ বিবেচিত হৈছে। এই ভ্রমণৰ পূৰ্বে ইয়াৰ সম্ভাব্য ফলাফলক লৈ । যিদৰে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, তেনেদৰেই ভ্রমণ সমাপ্তিৰ পাছত ইয়াৰ লাভ-লোকচানক লৈ হিচাপ-নিকাচ অব্যাহত আছে। পূর্বতে এনে ধৰণৰ উচ্চস্তৰীয় দ্বিপাক্ষিক বুজাবুজি অথবা আন্তর্জাতিক বিষয়ৰ প্ৰতি সাধাৰণ জনতাৰ বিশেষ আগ্রহ পৰিলক্ষিত হোৱা নাছিল; কিন্তু সম্প্রতি আন্তর্জাতিক বাণিজ্য আদিৰ বিষয়বোৰে বিভিন্ন প্ৰকাৰে । প্রতিজন লোককে স্পর্শ কৰিবলৈ ধৰাত এক সম্যক ধাৰণাৰ সকলোকে প্রয়োজন হৈছে। তাৰ লগে লগে হিচাপ-নিকাচবোৰৰ গুৰুত্ব বৃদ্ধি পাইছে।

RelatedPosts

ধুৰন্ধৰৰ শেষ আশ্রয় !

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

প্রধানমন্ত্রী মোদীক সাক্ষাতৰ মাত্র দুঘণ্টা পূৰ্বে ৰাষ্ট্ৰপতি ট্রাম্পে সমানুপাতিক আমদানি শুল্ক আবোপৰ ঘোষণা কৰাত ভাৰতৰ বিভিন্ন খণ্ডত উদ্বেগৰ সৃষ্টি হৈছে। আমেৰিকাই এতিয়াৰে পৰা আন দেশে অত্যধিক কৰ আদায় কৰা – কার্যক কোনোপধ্যে সহ্য নকৰে বুলি হোৱাইট হাউছৰ তৰফৰ পৰা ঘোষণা কৰা হয়। আমেৰিকা পৃথিৱীৰ সকলোতকৈ মুক্ত অর্থনীতিৰ দেশসমূহৰ অন্যতম, তথাপি বাণিজ্য ক্ষেত্ৰৰ সহযোগী দেশসমূহে নিজৰ নিজৰ বজাৰ – আমেৰিকাৰ ৰপ্তানিৰ বাবে বন্ধ কৰি ৰাখিছে বুলি বিবৃতিত কোৱা হয়। ৰাষ্ট্রপতি ট্রাম্পে আৰোপ কৰিবলৈ সিদ্ধান্ত লোৱা সমানুপাতিক বাণিজ্যইহে এনে বৈষম্য দূৰ কৰাত সহায় কৰিব বুলি হোৱাইট হাউছে কয়। মোদীৰ স’তে দ্বিপাক্ষিক বৈঠকৰ অন্তত অনুষ্ঠিত যৌথ সংবাদমেলতো ট্রাম্পে সমহাৰৰ শুল্কৰ বিষয়টো উল্লেখ কৰে। লগতে ভাৰতে অত্যধিক শুল্ক আরোপ কৰে বুলিও দোহাবে। আন যিকোনো দেশৰ তুলনাত ভাৰতে অধিক কৰ আৰোপ কৰে বুলি তেওঁ কয়।

কোনো বহিঃৰাষ্ট্ৰৰ পৰা আমদানিকৃত সামগ্রীত আৰোপ কৰা কৰেই হৈছে শুল্ক। সামগ্রী আমদানি কৰা সংস্থাই তাৰ বিনিময়ত নিজ দেশৰ চৰকাৰক শুল্ক আদায় দিব লাগে। সাধাৰণতে কেতবোৰ খণ্ডক বিদেশী প্রতিযোগিতাৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈকে এনেদৰে আমদানি শুল্ক আৰোপ কৰা হয়। যি দেশে, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অধিক আমদানি শুল্ক আৰোপ কৰে..সেই দেশৰ সামগ্ৰীৰ ওপৰতো আমেৰিকাই অধিক অথবা সমহাবত আমদানি শুল্ক আৰোপ কৰিব বুলি ট্রাম্পে কৈ আহিছে; অর্থাৎ তেওঁৰ মতে উভয় দেশৰ শুল্ক সমহাৰত হ’ব লাগে।

এনে তাৰতম্যৰ তথ্য দাঙি ধৰি হোৱাইট হাউছে কৈছে যে আমেৰিকাই কৃষিজাত সামগ্রীত গড়ে পাঁচ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে ভাৰতে ৩৯ শতাংশ শুল্ক আৰোপ কৰে। তেনেদৰে ভাৰতে আমেৰিকাৰ মটৰ চাইকেলৰ ওপৰত এশ শতাংশ আমদানি শুল্ক জাপি দিয়াৰ বিপৰীতে আমেৰিকাই ভাৰতীয় মটৰ চাইকেলত মাত্র ২.৪ শতাংশহে কৰ লগায়। এনে অত্যধিক শুল্কৰ বাবেই আমেৰিকাৰ সামগ্ৰীৰ বাবে ভাৰতৰ বজাৰ তেনেই সীমিত হৈ পৰে বুলি মার্কিন ৰাষ্ট্রপতিজনে অসন্তোষ ব্যক্ত কৰে। দীর্ঘসময় ধৰি চলি অহা এনে বৈষম্য আঁতৰ কৰিবলৈ পদক্ষেপ গ্ৰহণৰ বাবে প্রধানমন্ত্রী মোদী আৰু তেওঁ সহমতত উপনীত হৈছে বুলিও কয়। সমহাৰৰ শুল্কৰ পৰা ভাৰতক ৰেহাই দিয়া হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ট্রাম্পে কয়, ‘আমেৰিকা এখন পাৰস্পৰিক সম্পৰ্কত বিশ্বাসী দেশ। কোনো দেশে যি পৰিমাণৰ শুল্ক লগাব, আমিও সিমানেই লগাম। মই ভাবো যে ই এক সঠিক পদক্ষেপ।’ অর্থাৎ সমানুপাতিক শুল্কৰ পৰা ভাৰতক কোনো ধৰণৰ সকাহ দিবলৈ মার্কিন প্রশাসন আগ্রহী নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

এই ভ্রমণতে দুই দেশৰ মাজত কে’বাটাও গুৰুত্বপূর্ণ বিষয়ত বুজাবুজি সম্পন্ন হয়। দুই দুই ৰাষ্ট্ৰ নেতাৰ বৈঠকৰ পাছতে ৰাষ্ট্রপতি ট্রাম্পে ঘোষণা কৰে যে ভাৰতে এতিয়াৰে পৰা আমেৰিকাৰ পৰা অধিক পৰিমাণৰ খাৰুৱা তেল আৰু প্রাকৃতিক গেছ ক্রয় কৰিব। ইয়াৰ জৰিয়তে দুই দেশৰ মাজৰ বাণিজ্য ঘাটি হ্রাস কৰাত সহায়ক হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে। ট্রাম্পে লগতে আমেৰিকা ভাৰতলৈ সৰ্বাধিক তেল-গেছ ৰপ্তানিকর্তা হ’ব বুলিও দৃঢ়তা ব্যক্ত কৰে। ভাৰতৰ বৈদেশিক সচিব বিক্রম মিশ্রিয়ে এই প্রসংগতে কয় যে আমেৰিকাৰ পৰা তেল আৰু গেছৰ আমদানি বছৰি ১৫ বিলিয়ন ডলাৰৰ পৰা ২৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

চৰকাৰী পৰিসংখ্যা অনুসৰি আমেৰিকা আৰু চীনৰ পাছত ভাৰত বিশ্বৰ সৰ্বাধিক তেল ব্যৱহাৰকাৰী দেশ। ভাৰতে প্রয়োজনীয় তেলৰ ৮০ শতাংশই বিদেশৰ পৰা আমদানি কৰে। ভাৰতে সৰ্বাধিক খাৰুৱা তেল আমদানি কৰা দেশৰ পঞ্চম স্থানত আছে আমেৰিকা। তেনেদৰেই তৰলীকৃত প্রাকৃতিক গেছৰো ভাৰতৰ বাবে এক বৃহৎ যোগনিয়াৰ হৈছে আমেৰিকা। দৰাচলতে বাছিয়াৰ ইউক্রেইন আক্রমণৰ পাছৰে পৰা তেলৰ আমদানিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰো যথেষ্ট পৰিবৰ্তন ঘটে। উদাহৰণ স্বৰূপে ২০২১ত ভাবতে সর্বাধিক খাৰুৱা তেল ক্ৰয় কৰিছিল ইৰাকৰ পৰা। তাৰ পাছতে তালিকাত আছিল ক্রমে- ছৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰ শ্বাহী, কুৱেইট আৰু আমেৰিকা। ইয়াৰ বিপৰীতে ৰাছিয়া আছিল নৱম স্থানত। ২০২২ব ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্রেইনত আক্রমণ কৰে। এই আক্ৰমণৰ তীব্ৰ বিৰোধ কৰি ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানিত প্রতিবন্ধকতা আৰোপ কৰে। পশ্চিমীয়া দেশসমূহৰ দ্বাৰা ৰাছিয়া ব্যাপক হাৰত নিষেধাজ্ঞাৰ সম্মুখীন হোৱাৰ পৰিণতিত ভাৰতৰ সন্মুখত সুযোগ আহি পৰে। ফলত ভাৰতে যথেষ্ট কম মূল্যত ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল আমদানি কৰিবলৈ লয়। এই যুদ্ধৰ পূর্বে ভাৰতে আমদানিকৃত খাৰুৱা তেলৰ মাত্র এক শতাংশহে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল যদিও ২০২৩ত ই ৩৫ শতাংশলৈ বৃদ্ধি পায়। আনকি ভাৰতৰ জৰিয়তে ইউৰোপৰ বজাৰতো ৰাছিয়াৰ তেল উপলব্ধ হয়।

সম্প্রতি সম্পন্ন হোৱা চুক্তি অনুসৰি ভাৰতে খাৰুৱা তেলৰ সমান্তৰালভাৱে আমেৰিকাৰ পৰা তৰলীকৃত প্রাকৃতিক গেছৰ আমদানিও বৃদ্ধি কৰিব। অহা ২০৩০ বর্ষ পর্যন্ত দেশত প্রাকৃতিক গেছৰ ব্যৱহাৰ ৬.৩ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধিৰ বাবে ভাৰত চৰকাৰ আগ্রহী। গতিকে স্বাভাৱিকতে দেশত প্রাকৃতিক গেছৰ চাহিদা কে’বাগুণ বৃদ্ধি পাব।

উল্লেখ্য যে কাটাৰ তৰলীকৃত প্রাকৃতিক গেছৰ সৰ্বাধিক ৰপ্তানিকাৰী দেশ আছিল যদিও আমেৰিকাই ইতিমধ্যে ইয়াক পিছ পেলাইছে। ২০২২-২৩ত ভাৰতে আমদানি কৰা ১.৯৮৫ কোটি মেট্রিক টন প্রাকৃতিক গেছৰ ৫৪ শতাংশই আছিল কাটাৰৰ।

লক্ষ্যণীয় যে অহা ২০৩০ বর্ষ পর্যন্ত ভাৰত আৰু আমেৰিকাই দ্বিপাক্ষিক বাণিজ্য পাঁচশ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ পোষকতা কৰিছে। সম্প্রতি ইয়াৰ পৰিমাণ দুশ বিলিয়ন ডলাৰৰো কম। ভাৰতে ৰপ্তানি কৰা সামগ্ৰীৰ পৰিমাণৰ বিপৰীতে অর্ধেকহে আমেৰিকাৰ পৰা আমদানি কৰে; অর্থাৎ আমেৰিকাৰ বাণিজ্য ঘাটি প্রায় এশ বিলিয়ন ডলাৰ। এই ঘাটি হ্রাস কৰিবলৈকে ৰাষ্ট্ৰপতি ট্রাম্পে সমানুপাতিক শুল্ক আৰোপৰ সিদ্ধান্ত গ্রহণ কৰিছে। ভাৰতে আমেৰিকাৰ পৰা ঘাইকৈ খাৰুৱা তেল, পেট্রালিয়াম সামগ্রী, কয়লা কোক, কটা আৰু পলিছ কৰা হীৰা, বৈদ্যুতিক যন্ত্র-পাতি, বিমান, মহাকাশ যান আৰু সোণ আমদানি কৰে। এনেক্ষেত্ৰত ভাৰতে যদি আমেৰিকাৰ পৰা অধিক পৰিমাণত তেল আৰু গেছ আমদানি কৰে তেন্তে সমহাৰৰ শুল্কত কিছু ৰেহাই আশা কৰিব পাৰে বুলি ধাৰণা কৰিব পাৰি।

অৱশ্যে ট্রাম্প ঘোষণাৰ ভাৰতত প্ৰভাৱ কেনে ধৰণে পৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু বস্ত্ৰ আৰু কৃষিজাত সামগ্রী আদিত ভাৰতৰ আমদানি শুল্ক যথেষ্ট বেছি। যদিহে একেবোৰ সামগ্রীতে আমেৰিকাই সমহাৰত শুল্ক আৰোপ কৰে, তেন্তে ভাৰতৰ ৰপ্তানি খণ্ডত বিৰূপ প্রভাৱ পৰাৰ প্ৰবল আশংকা আছে।

পৰিতাপৰ বিষয় এয়ে যে ট্রাম্প প্রশাসনে দ্বিতীয় খেপত বিতাড়ন কৰা ১১৬ জন আমেৰিকাত অবৈধ প্রবাসী ভাৰতীয়ক শনিবাৰে মাজনিশা মার্কিন সামৰিক বাহিনীৰ এখন বিমানে অমৃতসৰ বিমানকোঠত নমাই থৈ যায়। এইবাৰো এইসকল লোকক হাত কেৰেয়া আৰু ভৰিত লোৰ শিকলিৰে বান্ধি সামৰিক বিমানত তোলা হয় আৰু তেনেদৰেই ইয়াত নমাই দিয়া হয়। ইয়াৰ পূৰ্বে যোৱা পাঁচ ফেব্ৰুৱাৰীত দুর্ধর্ষ অপৰাধীৰ দৰে এনেদৰেই হাত-ভৰি বান্ধি শিশু-মহিলাসহ ১০৪ জন প্ৰৱাসী ভাৰতীয়ক বহিষ্কাৰ কৰা হৈছিল। আন্তর্জাতিক মানৱাধিকাৰ সন্ধিকে ধৰি সকলো ধৰণৰ বিধি উলংঘা কৰি প্ৰৱাসী ভাৰতীয়সকলক এনেদৰে বিতাড়ন কৰা কাৰ্যই সমগ্র দেশজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

আনকি সংসদতো ইয়াকে লৈ বিৰোধীয়ে প্রতিবাদ কৰাৰ লগতে চৰকাৰক কঠোৰ সমালোচনাৰ কাঠগড়াত তুলিছিল। এই বিতৰ্কৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে বিষয়টোক লৈ মার্কিন প্রশাসনৰ স’তে আলোচনা কৰা হ’ব আৰু বিতাড়িত ভাৰতীয়সকলক কোনো ধৰণৰ দুৰ্ব্যৱহাৰ নকৰাটো নিশ্চিত কৰা হ’ব বুলি ঘোষণা কৰিছিল। ইয়াৰ লগতে সদ্য সমাপ্ত আমেৰিকা ভ্ৰমণত ৰাষ্ট্ৰপতি ট্রাম্পৰ স’তে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্রী মোদীয়ে বিষয়টো উত্থাপন কৰে। আমেৰিকাত অবৈধভাৱে বাস কৰা ভাৰতীয়সকলক উভতাই ল’ব বুলিও তেওঁ আশ্বাস প্রদান কৰে; কিন্তু তাৰ বিপৰীতে ভাৰতীয়সকলক দুর্ধর্ষ অপৰাধীৰ দৰে অপমানিত নকৰিবলৈ জনোৱা মোদী তথা ভাৰত চৰকাৰৰ আহ্বানে যে কোনো গুৰুত্ব লাভ কৰিবলৈ সক্ষম নহ’ল, সেয়া শনিবাৰে নিশা বিতাড়িত ভাৰতীয় সকলৰ দুৰ্দশাই প্রমাণ কৰে। এনে পৰিপ্ৰেক্ষিতত মোদীৰ আমেৰিকা ভ্রমণ আৰু ট্রাম্পৰ স’তে বৈঠকে প্রকৃততে ভাৰতৰ বাবে কি কঢ়িয়াই আনিলে সেয়া সচেতন মহলে নুবুজাকৈ থকা নাই।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

দোস্ত দোস্ত না ৰহা..?
Editor's Choice

দোস্ত দোস্ত না ৰহা..?

February 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d