Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Shillong: দুৱাৰমুখ পাৰ হৈ আগবাঢ়িল শ্বিলং !

#প্রাঞ্জলসেন ডেকা

publisher by publisher
December 16, 2024
in Assam, India, News
Reading Time: 5 mins read
0
Shillong:  দুৱাৰমুখ পাৰ হৈ আগবাঢ়িল শ্বিলং !
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

শ্বিলঙত মৃত্যু গোলকগঞ্জৰ দুই শ্ৰমিক

দুৱাৰমুখ পাৰ হৈ আগবাঢ়িল শ্বিলং !

#প্রাঞ্জলসেন ডেকা

গুৱাহাটী জিলা পুথিভঁৰাল প্রেক্ষাগৃহত জনপ্রিয় গজল গায়ক পংকজ উধাছৰ সংগীতানুষ্ঠান। উদ্যোক্তাসকলে বিশেষ প্ৰচাৰ চলোৱা চকুত পৰা নাছিল। তেতিয়া অনলাইন বুকিং নাই, বুকমাইশ্ব’ আদিও নাই ! হঠাতে আবেলি খবৰটো শুনি দৌৰাদৌৰিকৈ অসীম ডেকা দাদাৰ স’তে আমিও ওলালোগৈ। সমুখৰ চোতালত টেবুল পাৰি বিক্ৰী কৰি থকা টিকট প্রায় শেষ। তিনিশটকীয়া টিকটহে তিনিটা নে চাৰিটা বাকী আছে। তাতকৈ বেছি আৰু কম দামৰ আটাইবোৰ টিকট শেষ। আমাৰ দুয়োৰে জেপত সকলো মিলি চাৰিশমান টকাহে আছে। অনুষ্ঠান আৰম্ভ হ’বলৈও বেছি সময় নাই। আমাৰ নিৰাশ মুখ দুখনলৈ চাই বোধকৰো টিকট বিক্রেতাজনে চাৰিশ টকাতে তিনিশটকীয়া টিকট দুটা আমাৰ হাতত গুজি দি টেবুল-চকী তুলি দায়িত্ব সামৰিলে। আমিও আশা নকৰাকৈয়ে লটাৰী জিকাৰ দৰে উৎফুল্লিত হৈ প্রেক্ষাগৃহত সোমালো। আমাৰ বহু আকাংক্ষিত অনুষ্ঠান আৰম্ভ হ’ল।

ADVERTISEMENT

পংকজ উধাছৰ স’তে সংগত কৰিছে এজনকৈ কীব’র্ড, গীটাৰ আৰু তবলা বাদকে। এই কীব’র্ড বাদকজন তেনেই যুৱক। গম্ভীৰ অনুষ্ঠানটোত তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল প্ৰথমৰে পৰাই। কম বয়সীয়া হ’লেও কীব’র্ড বাদনত তেওঁৰ প্ৰতিভাৰ উমান উপস্থিত শ্রোতা-দর্শকে লাভ কৰিবলৈ সক্ষম হৈছিল। একেলেথাৰিয়ে কে’বাটাও গজল গোৱাৰ পাছত খন্তেক ‘ব্ৰেক’ ল’বলৈ পংকজ উধাছ এবাৰ গ্রীণৰূমলৈ উঠি গ’ল। তেতিয়াই কীব’র্ড বাদকজনে সেই সময়ছোৱাৰ বলিউদৰ ছুপাৰ হিট ছবি ‘ত্রিদেব’ৰ ‘অয়ে অয়ে’ গীতটোৰ সুৰ তুলিলে উচ্চ প্রাবল্যত। সেয়া শুনি একাংশ দর্শকৰ গা উঠিল। তেনেতে পংকজ উধাছ উভতি আহি আকৌ গজল গাবলৈ আৰম্ভ কৰিলে।

ইতিমধ্যে গা উঠাসকল প্রেক্ষাগৃহত সক্রিয় হৈ উঠা আমাৰ চকুত পৰিল। একাংশই নৃত্য আৰম্ভ কৰি দিলে। গজলৰ অনুষ্ঠানত নৃত্য। এনে আচহুৱা আচৰণ লক্ষ্য কৰি থকাসকলৰ কাৰণে পৰিস্থিতিটো অসহজ হৈ উঠিবলৈ ধৰিলে। প্রেক্ষাগৃহৰ পাছৰ ফালে পৰিস্থিতি কিছু উত্তপ্ত হোৱা যেনেই আমাৰো অনুভৱ হ’ল। এনেদৰেই পংকজ উধাছে তেওঁৰ অনুষ্ঠান সামৰিলে আৰু পৰিস্থিতিৰ উমান পায়েই বোধকৰো সাউৎকৈ আসনৰ পৰা উঠি গ্রীণৰূমলৈ গুচি গ’ল। ইতিমধ্যে দৰ্শকৰ একাংশ মঞ্চলৈ উঠি গৈ কীব’র্ড বাদকজনক আগুৰি ধৰি আকৌ ‘অয়ে অয়ে’ বজাবলৈ জোৰ দিলে। পৰিস্থিতি বেগতিক দেখি তবলা আৰু গীটাৰ বাদক দুজনেও বাদ্যযন্ত্র সামৰি যিমান পাৰে সোনকালে প্রস্থান কৰিলে। কীব’ৰ্ডত বাজি উঠা উচ্চস্বৰৰ সুৰৰ লগে লগে মঞ্চত উপবিষ্ট হোৱা দর্শকসকলে অশ্রাব্য চিঞৰ-বাখৰ আৰু উদ্দাম নৃত্য আৰম্ভ কৰিলে। কোৱা বাহুল্য যে তাৰে প্ৰায় সংখ্যকেই সুৰামত্ত হৈ আছিল। আমাৰ দৰে বহুতৰেই অসহায় হৈ সেই উদ্ভণ্ডালি চাই থকাৰ বাদে আন উপায় নাছিল। ইতিমধ্যে সমগ্র প্রেক্ষাগৃহত উত্তেজনা বিয়পি পৰিল।

পৰিস্থিতি আৰু বেছি বিশৃংখল হোৱাৰ আশংকাত আমিও প্রস্থান কৰিবলৈ বাধ্য হ’লো। তেতিয়াও উচ্চস্বৰত কীব’ৰ্ডত ‘অয়ে অয়ে’ আৰু উদ্দাম নৃত্য সমানে চলি থাকিল। প্রিন্টিং টেকন ‘লজি পঢ়ি থকাৰ সময়ত আহমদাবাদত পংকজ উধাছৰ অনুষ্ঠান চোৱাৰ অভিজ্ঞতা আছিল অসীম দাদাৰ। তেওঁ ক’লে যে অনুষ্ঠানৰ গোটেই সময়ছোৱাত প্রেক্ষাগৃহত বিৰাজ কৰে সম্পূর্ণ শৃংখলা আৰু নীৰৱতা। কেৱল গজলৰ মাজে মাজে প্রশংসাসূচক হাত চাপৰি আৰু ‘ৱাহ ৱাহ’। এচুকত জ্বলন্ত চাকি আৰু ধূপ। এনে অসভ্যালি কল্পনাৰো অগোচৰ। নির্দিষ্ট সময়ত অনুষ্ঠান আৰম্ভ আৰু নির্দিষ্ট সময়তে সমাপ্ত। এনেকৈয়ে আহমদাবাদৰ পৰিৱেশৰ বিষয়ে শুনি আৰু আমাৰ তিক্ত অভিজ্ঞতাৰ মাজেদি ঘৰ পালো । অৱশ্যে অনুমান কৰিবলৈ অসুবিধা নহ’ল যে আৰু কোনো অঘটন ঘটিবলৈ হয়তো বাকী আছে!

আমাৰ অনুমান ভুল নাছিল। পুৱা জানিব পাৰিলো পংকজ উধাছৰ অনুষ্ঠানৰ শেষত হোৱা খণ্ডযুদ্ধত ক্ষুৰৰ আঘাতত একাধিক আহত হৈছে। ইয়াত লিপ্ত হোৱাসকল আৰু আঘাতপ্রাপ্ত কেইজন ক’ৰ সেই কথাও জানিব পাৰিলো। উল্লেখ্য যে সততে কাজিয়া-পেচালত লিপ্ত হোৱাসকলৰ বাবে সেই সময়ত ক্ষুৰ এক উপযোগী অস্ত্রৰূপে বহুল ব্যৱহাৰ হৈছিল।

এইবাৰ আহো ভেংগাবয়জলৈ। বিশ্বজুৰি যুৱ চামৰ মাজত অতি জনপ্রিয় ডাচ্চ এই গীত আৰু নৃত্যৰ শিল্পী দলটো কেইবছৰমান পূর্বে গুৱাহাটীলৈ অনুষ্ঠান পৰিৱেশনৰ বাবে অহাৰ কথা। হঠাতে একাধিক ছাত্র সংগঠনে এই দলটোৰ আগমনৰ বিৰোধিতা কৰি কোনোপধ্যে তেওঁলোকক অসমত অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়া নহ’ব বুলি ‘হুংকাৰ’ দিলে। তেওঁলোকৰ এই বিৰোধক শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ স্বাক্ষৰ সংগ্ৰহ কৰি বিবৃতিও প্ৰচাৰ কৰিলে। ভেংগাবয়জে অনুষ্ঠান পৰিৱেশন কৰিলে অসমৰ সংস্কৃতি বিনষ্ট হ’ব বুলি ছাত্র সংগঠন তথা তেওঁলোকক সমর্থন কৰা বিশিষ্ট ব্যক্তিসকল সৰৱ হৈ উঠিল। এনে প্রবল বিৰোধৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীত ভেংগাবয়জৰ অনুষ্ঠান বাতিল কৰা হ’ল।

পাছত জানিব পৰা গ’ল যে প্রকৃততে এই অনুষ্ঠানৰ বিৰোধ কৰা ছাত্র সংগঠনকেইটাই উদ্যোক্তাসকলৰ পৰা বৃহৎ সংখ্যক বিনামূলীয়া টিকট দাবী কৰিছিল; কিন্তু যিহেতু ই এটা সম্পূর্ণৰূপে পেছাদাৰী গোটৰ দ্বাৰা নিয়ন্ত্রিত, সেয়েহে কোনো ছাত্র সংগঠনৰ ভাবুকিত সেও মানি ইমান বৃহৎ সংখ্যক বিনামূলীয়া টিকট দিবলৈ উদ্যোক্তাসকল সম্মত নহ’ল। ফলস্বৰূপে বিৰোধ আৰু অৱশেষত অনুষ্ঠান বাতিল। গুৱাহাটীত নহ’লেও শ্বিলঙকে ধৰি দেশৰ কে’বাখনো মহানগৰত ভেংগাবয়জে সুকলমেই অনুষ্ঠান পৰিৱেশন কৰি গ’ল।

ভাৰতৰ আন এগৰাকী প্রসিদ্ধ গজল গায়ক জগজিৎ সিঙৰ অনুষ্ঠানৰ আয়োজন কৰা হ’ল শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত। অনুষ্ঠান আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে দৰ্শকৰ আসনৰ পৰা দুগৰাকীমান স্বল্পবসনা যুৱতী মঞ্চলৈ উঠি গৈ তেওঁলোকৰ পছন্দৰ গজল গাবলৈ জগজিৎ সিঙক আব্দাৰ জনাবলৈ ধৰিলে। এনে কাণ্ড দেখি তেওঁ হতবাক হ’ল। সংগীতকে জীৱনৰ সাধনাৰূপে গ্রহণ কৰি অহা গজল গায়ক গৰাকীয়ে এনে আচৰণত অস্বস্তিত পৰিল আৰু গীত পৰিৱেশন কৰিবলৈ অমান্তি হ’ল। পাছত যেনিবা উদ্যোক্তাসকলৰ অনেক কাকৃতি-মিনতিৰ অন্তত জগজিৎ সিঙে অসন্তুষ্টিৰ ভাবেৰেই যেনে-তেনে অনুষ্ঠানৰ সামৰণি মাৰিলে। তাৰ বছৰ চেৰেক পাছত অৱশ্যে মাছখোৱাৰ আইটিএ প্রাগজ্যোতি কেন্দ্রত জগজিৎ সিঙে বাধা-বিধিনিৰ সন্মুখীন নোহোৱাকৈ গজলৰ অনুষ্ঠান বৃহৎ সংখ্যক চমঝদাৰ শ্ৰোতাৰ সন্মুখত পৰিৱেশন কৰি গৈছে।

যোৱা মঙলবাৰে শ্বিলঙত আন্তর্জাতিক খ্যাতিসম্পন্ন পপষ্টাৰ ব্রায়ান আডামছে সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ সময়তে বিভিন্নজনৰ মনত কেতবোৰ প্ৰশ্নৰ উদ্রেক ঘটিছে। বিশ্বৰে ‘বেষ্ট ছেলিং’ গায়কসকলৰ অন্যতম ব্লায়ান আডামছৰ অনুষ্ঠান উপভোগ কৰিবলৈ সুযোগ লাভ কৰাটো যিকোনো সংগীতপ্রেমীৰ বাবেই সৌভাগ্যৰ কথা। তাতেই ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ কোনো এখন চহৰত তেওঁৰ দৰে শিল্পী এগৰাকীৰ এনে অনুষ্ঠান একপ্রকাৰ অভাৱনীয় বুলিয়ে সৌসিদিনালৈকে সকলোৱে ধাৰণা কৰিছিল; কিন্তু শ্বিলঙে সেই অভাৱনীয় ঘটনাকে কৰি দেখুৱালে।

কেবল ব্রায়ান আডামছেই নহয়, শেহতীয়া সময়ছোৱাত ধাৰাবাহিকভাবে বহু আন্তর্জাতিক খ্যাতিমান সংগীত তাৰকাই শ্বিলঙত অনুষ্ঠান পৰিৱেশন কৰি গৈছে। তেনে শিল্পীসকলে শ্বিলঙৰ পৰিৱেশ, আতিথ্য, শ্রোতা-দর্শকৰ আগ্রহ তথা আচৰণক লৈ গভীৰ সন্তুষ্টি প্রকাশ কৰিছে। ইয়াৰ পাছত শ্বিলঙত যে বিশ্বৰ যিকোনো তাৰকাই অনুষ্ঠান পৰিৱেশন কৰিবলৈ আগ্রহী হ’ব তাত সন্দেহ নাই। এনে অনুষ্ঠানসমূহ সুকলমে অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ পৰিপ্ৰেক্ষিতত শ্বিলঙে ইতিমধ্যে আন্তর্জাতিক প্রেক্ষাপটত স্বীকৃতি লাভ কৰিলে। দিল্লী-মুম্বাই-বাংগালুৰু আদিৰ লেখীয়াকৈ শ্বিলঙো সেই তালিকাত অন্তর্ভুক্ত হ’ল।

এনে ধৰণৰ আন্তর্জাতিক পর্যায়ৰ অনুষ্ঠান আয়োজনৰ দ্বাৰা সংশ্লিষ্ট চহৰ অথবা মহানগৰে ব্যাপক প্ৰচাৰ লাভ কৰে। তাৰ লগে লগে স্বাভাৱিকতে পর্যটক আৰু বিভিন্ন ব্যৱসায়-বাণিজ্যৰ সুযোগৰ সৃষ্টি হয়। ব্রায়ান আডামছৰ অনুষ্ঠানৰ – সময়ছোৱাত শ্বিলং আৰু ইয়াৰ আশে-পাশে থকা হোটেল সমূহৰ সকলো কোঠা বুকিং হয়। অসমকে ধৰি বহিঃৰাজ্যৰ আগ্রহী দৰ্শকৰ ভিৰত সমগ্র খাচিপাহাৰত উথপথপ পৰিৱেশৰ সৃষ্টি হয়। সবাতোকৈ সন্তোষৰ কথা এয়ে যে এনে বিশাল অনুষ্ঠান আয়োজনৰ সময়ত কোনো ধৰণৰ অবাঞ্ছিত কার্যকলাপ সংঘটিত হোৱাৰ বাতৰি নাই।

বিগত কে’বা বছৰ ধৰি শ্বিলঙত এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হৈ আহিছে যদিও স্থানীয় ৰাইজ অথবা দৰ্শকৰ বিৰুদ্ধে কোনো এটাতে কোনো ধৰণৰ উদ্ভণ্ডালি অথবা অবাঞ্ছিত আচৰণৰ অভিযোগ উত্থাপিত হোৱা নাই; বৰঞ্চ প্ৰতিটো অনুষ্ঠানতে শ্বিলঙে দায়বদ্ধ আতিথ্যৰ পৰিচয় দিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে গুৱাহাটীয়ে আজিলৈ তেনে কোনো এটা অনুষ্ঠানৰ আয়োজন কৰিবলৈ সক্ষম নহ’ল। যদিও সততে গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ আৰু অসমীয়াক অতিথিপৰায়ণ বুলি দাবী কৰা হৈ আহিছে, শেহতীয়া সময়ছোৱাৰ অভিজ্ঞতা কিন্তু মুঠেই আশানুৰূপ নহয়। ফলস্বৰূপে শ্বিলঙে উত্তৰ-পূৰ্বাঞ্চলৰ সেই অগ্রণী স্থান ইতিমধ্যে অধিকাৰ কৰি লৈছে আৰু আগন্তুক সময়ছোৱাত যিকোনো আন্তর্জাতিক পৰ্যায়ৰ অনুষ্ঠান আয়োজনৰ সুযোগ যে চুবুৰীয়া ৰাজ্যৰ ৰাজধানী চহৰখনেই লাভ কৰিব তাত সন্দেহ নাই। তাৰ লগে লগে ইতিমধ্যে দেশী-বিদেশী পৰ্যটকৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰা শ্বিলং এই ক্ষেত্ৰত অধিক উপকৃত হ’ব।

পৰিতাপৰ বিষয় এয়ে যে কেৱল গুৱাহাটীয়েই নহয়, অসমৰ যিকোনো স্থানত সাংস্কৃতিক অনুষ্ঠানত যি ধৰণৰ উদ্ভণ্ডালিৰ সৃষ্টি কৰা হৈ আহিছে, সেই কথা অসমবাসীৰ বাবে আজি আৰু নতুন হৈ থকা নাই। যিকোনো অনুষ্ঠানতে একাংশ সুৰামত্তই তাণ্ডৰ চলোৱাটো এক নিত্য-নৈমিত্তিক ঘটনাত পৰ্ণিত হৈছে, যাৰ ফলস্বৰূপে যিকোনো লোকে তেনে অনুষ্ঠানলৈ যাবলৈ এশবাৰ চিন্তা কৰিবলগীয়া হৈছে। কেবল শ্রোতা-দর্শকৰ উদ্ভণ্ডালিয়েই নহয়, ৰাজ্যৰ একাংশ শিল্পীৰ আচৰণক লৈও গভীৰ অসন্তুষ্টিৰ সৃষ্টি হৈ আহিছে। শ্বিলঙত ব্রায়ান আডামছৰ অনুষ্ঠান উপভোগ কৰা প্ৰতিজন লোকেই একেমুখে কৈছে যে তেওঁ পৰিৱেশন কৰা প্ৰতিটো গীতেই কেছেট অথবা চিডিত শুনাৰ দৰেই অনুভৱ হ’ল; অর্থাৎ অনুষ্ঠান পৰিৱেশনৰ সময়ত ৬৫ বছৰীয়া শিল্পীগৰাকীয়ে তেওঁৰ সৰ্বোচ্চ উজাৰি দিছে।

ব্রায়ান আডামছ বুলিয়ে নহয়, অন্যান্য ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় শিল্পীসকল এই ক্ষেত্রত সদা সচেতন। ইয়াৰ বিপৰীতে অসমত অনুষ্ঠান পৰিৱেশনৰ নামত একাংশ শিল্পীয়ে কেনে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে সেয়া সকলোৱে প্রত্যক্ষ কৰি আহিছে। শ্বিলং অথবা উত্তৰ-পূবৰ আন যিকোনো চহৰৰ তুলনাত যে গুৱাহাটীত বহুত বেছি ধনাঢ্য ব্যক্তি আছে তাক লৈ নিশ্চয় কাৰো দ্বিমত নাই। বিখ্যাত ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্রীয় ব্ৰেণ্ডৰ সামগ্ৰীৰ অধিকাৰীও গুৱাহাটীত কম নহয়; কিন্তু সকলোবোৰ পাছতো অধিকাংশৰে আচৰণ দুর্ভাগ্যজনক। গুৱাহাটীৰ বাট-পথলৈ ওলালেই প্রতিদিনে দেখি থকা কাণ্ড-কাৰখানাবোৰেই তাক উদঙাই দিয়ে। গতিকে দিল্লী-মুম্বাই-বাংগালুৰু বহু দূৰ, গুৱাহাটী আৰু গুৱাহাটীবাসীয়ে এতিয়া শ্বিলঙৰ পৰাহে শিকিবলগীয়া হৈছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bryan AdamsCultural Eventspranjal sen dekaShillongSpl Articles
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

October 12, 2026
মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে
India

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

October 12, 2026
ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান
India

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d