Elephant Death মাথোঁ তিনি বছৰত দেশত ৰেলৰ খুন্দাত ৪৭ টা হাতীৰ মৃত্যু

Capture 30

Elephant Death মাথোঁ তিনি বছৰত দেশত ৰেলৰ খুন্দাত ৪৭ টা হাতীৰ মৃত্যু

মাথোঁ তিনি বছৰত দেশত চলন্ত ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱালে ৪৭টাকৈ হাতীয়ে। সংসদৰ চলিত বাজেট অধিবেশনৰ সময়ত ৰাজ্যসভাত প্ৰকাশ কৰে চৰকাৰে।

উচ্চ সদনত চৰকাৰে দাখিল কৰা তথ্যত প্ৰকাশ পাইছে যে ২০২১-২২, ২০২২-২৩ আৰু ২০২৩- ২৪ত দেশৰ বিভিন্ন স্থানত চলন্ত ৰেলৰ খুন্দাত ৪৭টা বন্যহস্তীয়ে প্ৰাণ হেৰুৱায়।

এই দুখজনক ঘটনাসমূহ সংঘটিত হয় বিভিন্ন ৰাজ্যত। বনাঞ্চলৰ পৰা ওলাই আহি এই বৃহৎসংখ্যক হাতীয়ে চলন্ত ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱায়।

চৰকাৰী তথ্য অনুসৰি,২০২৩-২৪ ত ১৭টা, ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষ দুটাত ১৫টাকৈ মুঠ ৩০টা হাতীয়ে ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱায়। তদুপৰি বিগত বর্ষকেইটাত এই বৃহৎসংখ্যক হাতী বিদ্যুৎস্পৃষ্টও হয়।

চৰকাৰী তথ্যতে প্ৰকাশ পোৱা অনুসৰি উক্ত তিনিটা বৰ্ষত সমগ্ৰ দেশত ২৫৮টা হাতী বিদ্যুৎস্পৃষ্ট হয়। এই তিনিটা বৰ্ষৰ ভিতৰত ২০২২-২৩ত সৰ্বাধিক হাতীৰ বিদ্যুৎস্পৃষ্ট ঘটনা সংঘটিত হয়।

ফলত বৰ্ষটোত বিদ্যুৎস্পৃষ্ট হৈ এশটা হাতী মৃত্যুমুখত পৰে। আনহাতে, ২০২১-২২ত সমগ্ৰ দেশত ৬২টা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে।

একেদৰে ২০২৩-২৪ত ৯৪টা হাতী বিদ্যুৎস্পৃষ্ট হয়। ইপিনে,২০২১-২২ত চাৰিটা, ২০২২-২৩ত ১৪টা আৰু ২০২৩-২৪ত নটা হাতী চোৰাংচিকাৰৰ বলি হয়। আনহাতে, ২০২১-২২ত ছটা হাতী খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

ইয়াৰ পাছত বছৰত চাৰিটা আৰু ২০২৩-২৪ ত এটা হাতী খাদ্য বিষক্ৰিয়াৰ ফলত মৃত্যুমুখত পৰে। আনহাতে, ২০২১-২২ত বন্যহস্তীৰ আক্ৰমণত সমগ্ৰ দেশত ৫৪৯জন, ২০২২-২৩ত ৬০৫জনৰ আৰু ২০২৩- ২৪ত ৬২৯জন লোকৰ মৃত্যু হয়।

এই তথ্যই দেশত হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ স্পষ্ট ইংগিত দিছে। লক্ষ্যণীয়ভাৱে নিতৌ বনাঞ্চল হ্ৰাসৰ ফলত খাদ্যৰ সন্ধানত বন্যহস্তীয়ে জনঅৰণ্যত প্ৰৱেশ কৰিবলৈ লৈছে বুলি সততে চর্চিত হয়।

এনে ঘটনা দেশৰ বিভিন্ন ৰাজ্যত ঘটি থকা আছে বুলি অভিযোগ উত্থাপিত হয়। তৎসত্ত্বেও হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিভিন্ন চৰকাৰে উপযুক্ত পদক্ষেপ গ্রহণ কৰা নাই বুলি সততে বিভিন্নজনে মন্তব্য কৰে।

অৱশ্যে চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি হাতী-মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে সমগ্র বিভিন্ন ৰাজ্যত ডেৰশ হস্তীদণ্ডী স্থাপন কৰিছে। বন্যহস্তীৰ নিৰাপদ চলন-ফুলনৰ বাবে এই হস্তীদণ্ডীসমূহ স্থাপন কৰা হৈছে ।

তৎসত্ত্বেও হাতী-মানুহৰ সংঘাত যে হ্ৰাস পোৱা নাই তাৰ ছবিয়েই স্বয়ং চৰকাৰী তথ্যত প্ৰকাশ পাইছে।

Exit mobile version