Punjab :হত্যা কৰি আমেৰিকালৈ পলায়ন! ‘অবৈধবাসী’ হৈ পাঞ্জাৱত অৱতৰন কৰোঁতেই গ্রেপ্তাৰ হ’ল দুই অভিযুক্ত
আমেৰিকাৰ পৰা শনিবাৰে আন ১১৬ জন লোকক অবৈধবাসীৰ অভিযোগত আমেৰিকাৰ বিমান সংস্থাই পঞ্জাৱলৈ ঘূৰাই পঠিয়াইছে।
আমেৰিকাৰ পৰা অহা সেই বিমানখনে অমৃতসৰত অৱতন কৰাৰ সময়তে হত্যা কৰাৰ অভিযোগত দুজন অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰে পঞ্জাৱ আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, সন্দীপ আৰু প্ৰদীপ নামৰ অভিযুক্ত দুজন পঞ্জাৱৰ পাটিয়ালা জিলাৰ বাসিন্দা।
উল্লেখ্য যে,২০২৩ চনত পাটিয়ালাৰ ৰাজপুৰাত এটা হত্যাৰ গোচৰত দুয়োজনৰ নাম উল্লেখ আছে। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে আৰু বিষয়টো তদন্ত কৰি আছে।
গ্ৰেপ্তাৰ হোৱাৰ আশংকাত, সন্দীপ আৰু প্ৰদীপ অবৈধভাৱে আমেৰিকালৈ পলায়ন কৰে ।
অৱশ্যে, দুবছৰৰ ভিতৰতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ এই পদক্ষেপৰ বাবে পঞ্জাৱ আৰক্ষীয়ে আচৰিতভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আমেৰিকাত ট্ৰাম্প চৰকাৰ ক্ষমতালৈ অহাৰ পাছত, আমেৰিকা চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীসকলক ঘূৰাই পঠোৱাৰ সিদ্ধান্ত লৈছে।
শনিবাৰে, দ্বিতীয় পৰ্যায়ত ১১৬ জন “অবৈধ” ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হৈছে।
প্ৰশাসনে তথ্য লাভ কৰিছিল যে ২০২৩ চনত হত্যাৰ অভিযোগত অভিযুক্ত দুজন লোক এই ১১৬ জন লোকৰ লগতে ভাৰতলৈ ঘূৰি আহে।
বিমানখন ভাৰতত অৱতৰণ কৰাৰ পাছতে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰৰ মতে, আমেৰিকাত হোৱা মোডী আৰু ট্ৰাম্পৰ মাজত মুখামুখি বৈঠকৰ পাছত অবৈধ অনুপ্ৰৱেশকাৰীসকলক এইটো প্ৰথম বিতাড়ন।
শনিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানখন অৱতৰণ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টু অমৃতসৰ বিমানবন্দৰত উপস্থিত থকাৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো উপস্থিত থাকে।