Ranveer Allahbadia Apoorva Mukhija বিতৰ্কিত মন্তব্যই যেন কাল হ’ল ৰণবীৰৰ !

IMG 20250216 WA0096

Ranveer Allahbadia Apoorva Mukhija

বিতৰ্কিত মন্তব্যই যেন কাল হ’ল ৰণবীৰৰ !

মহিলা ইউটিউবাৰক ভাবুকি কৰ্ণী সেনাৰ, উদয়পুৰৰ অনুষ্ঠান বাতিল

‘ইণ্ডিয়াজ গট লেটেলেণ্ট’ৰ বিতৰ্কিত খণ্ডত যোগদান কৰাই হ’ল কাল! অনুষ্ঠানটোত ৰণবীৰ এলাহাবাদিয়াই পিতৃ-মাতৃৰ বিষয়ে যৌনতাবাদী মন্তব্য দিয়াৰ পাছতে তোলপাৰ দেশ ।

সংশ্লিষ্ট খণ্ডত উপস্থিত আছিল অপূৰ্ব মুখিজা আৰু আশীষ চাঞ্চলানিও । তেওঁলোকে অলপতে মুম্বাইৰ খাৰ আৰক্ষী চকীত তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰে।

কিন্তু তাতো যেন নিষ্ঠাৰ নাই! ৰণবীৰ এলাহাবাদিয়া বিতৰ্কৰ স’তে নাম সাঙোৰ খোৱাৰ পাছতে তেওঁ ডাঙৰ ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছে। হুৰ হুৰাই কমিছে ইউটিউবৰ ফ্ললৱাৰ্চ।

ইফালে কৰ্ণী সেনাই ভাবুকি দিয়াৰ পাছতে বাতিল কৰে অপূৰ্বাৰ উদয়পুৰ অনুষ্ঠান ।

সামাজিক মাধ্যমৰ প্ৰভাৱশালী আৰু জনপ্ৰিয় ইউটিউবাৰ অপূৰ্বা মাখিজাই উদয়পুৰত এটা অনুষ্ঠান কৰাৰ কথা আছিল। কিন্তু কৰ্ণী সেনাৰ প্ৰতিবাদৰ বাবেই শেষ মুহূৰ্তত এই অনুষ্ঠান বাতিল কৰা হয়।

সংগঠনটোৰ উদয়পুৰ অধ্যায়ৰ মুৰব্বী পৰম বীৰ সিঙে কয়, “ইণ্ডিয়াজ গট টেলেণ্ট’ অনুষ্ঠানটোৱে ভাৰত আৰু ৰাজস্থানৰ সংস্কৃতিক বদনাম কৰিছে। এইটো আমাৰ সংস্কৃতিৰ বিৰুদ্ধে এটা প্ৰদৰ্শনী। আৰু আমি সেইটো কেতিয়াও সহ্য নকৰোঁ। আমি চৰকাৰ আৰু অনুষ্ঠানটোৰ আয়োজকসকলক অপুৰবাৰ অনুষ্ঠান বাতিল কৰিবলৈ অৱগত কৰিছো। ”

অৱশ্যে, জনপ্ৰিয় মহিলা ইউটিউবে এই প্ৰতিবেদন প্ৰকাশ নোহোৱালৈকে সম্পৰ্কিত বিষয়টোত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ইফালে, অসম আৰু মহাৰাষ্ট্ৰৰ একাধিক আৰক্ষী থানাত ৰণবীৰ এলাহাবাদীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে।

কিন্তু তেওঁৰ কোনো সন্ধান নাই। মুম্বাই আৰক্ষীয়ে শুক্ৰবাৰে জনাই যে জনপ্ৰিয় ইউটিউবাৰ ৰনবীৰৰ ফোন বন্ধ হোৱাৰ লগতে তেঁও সন্ধানহীন হৈ আছে ।

উল্লেখ্য যে,তেওঁৰ উকীলো সন্ধানহীন হৈ আছে। আৰক্ষীয়ে ইউটিউবাৰ জনৰ অনুসন্ধান অব্যাহত ৰাখিছে ।

Exit mobile version