Tamulpur Incident:
উচ্চতৰ মাধ্যমিকৰ কাৰিকৰী শাখাৰ চূড়ান্ত পৰীক্ষাত এখন বিদ্যালয়ত শিক্ষাৰ্থী মুক্ত নকলৰ পয়োভৰক লৈ ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে কঠোৰস্থিতি গ্ৰহণ প্ৰশাসনৰ ৷
ADVERTISEMENT
উল্লেখ্য যে, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ কাৰিকৰী শাখাৰ চূড়ান্ত পৰীক্ষাত একাংশ শিক্ষাৰ্থীয়ে নিৰীক্ষকৰ সমুখতে ম’বাইল ফোন চাই পৰীক্ষাত লিখি থকা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হয় ৷
ইয়াৰ পিছত তৎপৰ হৈ পৰে তামুলপুৰ জিলা প্ৰশাসন ৷ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আয়ুক্তই তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাক কেন্দ্ৰৰ তত্বাবধায়ক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে তদন্তৰ নিৰ্দেশ জাৰি কৰে ৷