US deports Indian migrants:
আমেৰিকাৰ পৰা বহিস্কাৰ কৰা অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা তৃতীয় খন বিমান ইতিম্যেই ভাৰতত উপস্থিত হৈছে। ১০০ তকৈও অধিক অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানখন দেওবাৰে নিশা প্ৰায় ১০ বজাত পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰে। ড’নাল্ড ট্ৰাম্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত, তেওঁ সেই দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিস্কাৰ কৰা আৰম্ভ কৰে।
শনিবাৰে, ট্ৰাম্প প্ৰশাসনে দ্বিতীয় পৰ্যায়ত ১১৬ জন অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতলৈ প্ৰেৰণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ এখন চি-১৭ গ্লোবমাষ্টাৰ বিমানত ১১২ জন অবৈধ অনুপ্ৰৱেশকাৰীৰ স’তে অমৃতসৰত অৱতৰণ কৰে।
সংবাদ সংস্থা পিটিআইৰ মতে, হাৰিয়ানাত সৰ্বাধিক ১১২ জন অবৈধ প্ৰব্ৰজনকাৰী আছে। পিটিআইৰ মতে, ৪৪ জন হাৰিয়ানাৰ, ৩৩ জন গুজৰাটৰ আৰু ৩১ জন পঞ্জাৱৰ। লগতে উত্তৰ প্ৰদেশৰ দুজন, উত্তৰাখণ্ডৰ এজন আৰু হিমাচল প্ৰদেশৰ এজন আছে।
আগৰ দুটা পৰ্যায়ত বহিস্কাৰ হোৱা বেছিভাগ অবৈধ অনুপ্ৰৱেশকাৰী পঞ্জাৱৰ আছিল। এই বছৰৰ তালিকাত পঞ্জাৱত বাস কৰা যথেষ্ট সংখ্যক অবৈধ অনুপ্ৰৱেশকাৰীও অন্তৰ্ভুক্ত আছে। অৱশ্যে, হাৰিয়ানা আৰু গুজৰাটৰ বাসিন্দাৰ সংখ্যা অধিক।
পঞ্জাৱৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ নেতা ভগৱন্ত মানে প্ৰশ্ন কৰে যে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা বিমানবোৰ কিয় পঞ্জাৱত অৱতৰণ কৰা হৈছে।
তেঁও কয়,”আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা বিমানবোৰ কেৱল পঞ্জাৱত কিয় অৱতৰণ কৰি আছে? আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানবোৰ কিয় দিল্লীলৈ উৰা মৰা নাই?” ভগৱন্ত মানেৰ দাবী ,সমগ্ৰ দেশৰ সন্মুখত পঞ্জাৱ আৰু পাঞ্জাৱীসকলক বেয়া কৰাৰ বাবে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পাছত ভাৰতে পাঁচ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিস্কাৰ কৰে।
সেইদিনা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সামৰিক বিমান ১০৪ জন অবৈধ প্ৰব্ৰজনকাৰীৰ স’তে অমৃতসৰত উপস্থিত হয়। তেওঁলোকৰ বেছিভাগেই পঞ্জাৱ, গুজৰাট আৰু হাৰিয়ানাৰ আছিল। বিমানখনত থকা ১১৬ জন লোকৰ ভিতৰত ৬৫ জন পঞ্জাৱৰ আছিল।