Maha Kumbh girl Monalisa:
মহাকুম্ভই (Maha Kumbh 2025) সলনি কৰিলে ভাগ্য । প্ৰয়াগৰাজত ভৰি থৈয়ে ৰাতিটোৰ ভিতৰতে সামাজিক মাধ্যমৰ সেঞ্চেচন হৈ পৰিছিল মালা বিক্ৰী কৰা মনালিছা ভোঁচলে ।
মহাকুম্ভৰ পৰা এইবাৰ বলীউডৰ পৰ্দাত দেখিবলৈ পোৱা যাব মনালিছাক । অৱশ্যে ফিল্মি পিটছত ভৰি দিয়াৰ আগতে, এতিয়া তেওঁ ব্যস্ত’টেষ্ট ৰান’ত ! অংশগ্ৰহণ কৰিছে বিভিন্ন অনুষ্ঠানত।
লগতে শেহতীয়াকৈ এটা গহনা নিৰ্মাণ কোম্পানীত বিজ্ঞাপন এম্বেছাদৰ হিচাপে চুক্তিবদ্ধ হৈছে। এইবাৰ প্ৰকাশ পালে তেওঁৰ প্ৰথমখন বলীউড ছবিৰ পাৰিশ্ৰমিক।’ দ্য ডায়েৰী অফ মণিপুৰত’ত আত্মপ্ৰকাশৰ কৰিব মনালিছাই।
উল্লেখ্য যে প্ৰথম খন ছবিতে বৃহৎ পৰিমাণৰ পাৰিশ্ৰমিক লাভ কৰিছে মহাকুম্ভৰ এই ভাইৰেল গাৰ্লে। বলীউডৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, তেওঁ ‘দ্য ডায়েৰী অফ মণিপুৰত’ বোলছবিখনৰ বাবে ২১ লাখ টকাৰ মাচুল লাভ কৰিছে। মনালিছাক আগতীয়া পাৰিশ্ৰমিক হিচাপে ইতিমধ্যে একলাখ টকা পৰিশোধ কৰা হৈছে।
আনহাতে ইতিমধ্যেই কেবাটাও অনুষ্ঠানতো অংশগ্ৰহন কৰাৰ লগতে ববি চেম্মানুৰ নামৰ এজন ব্যৱসায়ীৰ শ্ব’ৰুমো উদ্বোধন কৰে মনালিছাই | সেই অনুষ্ঠানৰ বিভিন্ন মুহূৰ্তৰ ছবি আৰু ভিডিঅ’ ইতিমধ্যেই সামাজিক মাধ্যমত দেখিবলৈ পুৱা হৈছে। উল্লেখ্য যে, মনালিছাই অভিনয় কৰা চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ অহা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।