New delhi stampede reason:নতুন দিল্লী ষ্টেচনত সংঘটিত হোৱা পদপিষ্টৰ আঁৰৰ কাৰণ ! জনালে আৰ পি এফৰ প্ৰতিবেদনে

delhi station

New delhi stampede reason:

নতুন দিল্লী ষ্টেচনত সংঘটিত পদপিষ্টৰ আঁৰৰ কাৰণ উল্লেখ কৰি আৰ পি এফে দাখিল কৰিছে প্ৰাথমিক প্ৰতিবেদন। এই প্ৰতিবেদন প্ৰস্তুত কৰে আৰ পি এফৰ এজন পৰিদৰ্শক পদৰ বিষয়াই।

তথ্য অনুসৰি , প্ৰতিবেদনখনে ৰে’লৱেৰ দাবীৰ বিৰোধিতা কৰিছে। “ইণ্ডিয়ান এক্সপ্ৰেছ”ৰ তেঁওলোকৰ প্ৰতিবেদনত এই প্ৰতিবেদনৰ উদ্ধৃতি দি জনাইছে , শনিবাৰে নিশা আঠ বাজি ৪৫ মিনিটত ঘোষণা কৰা হৈছে যে, প্ৰয়াগৰাজমুখী কুম্ভ স্পেচিয়েল ৰেল নতুন দিল্লী ষ্টেচনৰ ১২ নং প্লেটফৰ্মত উপস্থিত হ’ব। কিন্তু কিছু সময়ৰ পাছত কোৱা হৈছে যে ৰেলখন ১৬ নম্বৰ প্লেটফৰ্মত উপস্থিত হ’ব। প্ৰতিবেদনখনে এই প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে, সেই সময়ত নতুন দিল্লী ষ্টেচনৰ ১৪ নম্বৰৰ প্লেটফৰ্মত আছিল মগধ এক্সপ্ৰেছ । আৰু ১৫ নম্বৰত আছে নৰ্থ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ।

আনহাতে, প্ৰয়াগৰাজ এক্সপ্ৰেছ ধৰিবলৈ ১৪ নম্বৰৰ প্লেটফৰ্মত বহু সংখ্যক লোক থিয় হৈ আছিল। কুম্ভ স্পেচিয়েল ৰে’লৰ আগমনৰ ঘোষণাৰ পাছত, যাত্ৰীসকলৰ এটা অংশই প্লেটফৰ্মৰ পৰা ১২-১৩ আৰু ১৪-১৫ প্লেটফৰ্মৰ পৰা অভাৰ ব্ৰীজত উঠিবলৈ চেষ্টা কৰিছিল। মগধ এক্সপ্ৰেছ, উত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ আৰু প্ৰয়াগৰাজ এক্সপ্ৰেছৰ যাত্ৰীসকলে একে সময়তে দুখন অভাৰ ব্ৰীজৰ চিৰিৰে নামি আছিল।

বহুতে খৰখেদাকৈ চিৰিৰ ওপৰত পৰে । এনে পৰিস্থিতিৰ আনকি বহুতো আঘাতপ্ৰাপ্তও হয়। আঘাতপ্ৰাপ্ত যাত্ৰীসকলৰ ওপৰেদিয়ে অন্য যাত্ৰী সকল দৌৰিবলৈ আৰম্ভ কৰে । ইয়াৰ আগতে, ৰে’লৱেই জনাই যে পদপিষ্ট হোৱাৰ আঁৰত কোনো মিছা ঘোষণা নাই। অৱশ্যে আৰপিএফৰ প্ৰতিবেদনে ইংগিত দিছিল যে প্লেটফৰ্মসম্পৰ্কীয় ভুল ঘোষণাই যাত্ৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল।

নতুন দিল্লী ষ্টেচন উত্তৰ ৰেলৱেৰ নিয়ন্ত্ৰণত আছে। উত্তৰ ৰে’লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে কয়, “কেবাটাও বিভাগক প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। আৰপিএফ তেওঁলোকৰ মাজৰ এজন।সকলো প্ৰতিবেদন প্ৰাপ্ত কৰাৰ পাছত, ৰে’লৱেৰ এখন উচ্চ-পৰ্যায়ৰ সমিতিয়ে সকলোকে প্ৰশ্ন কৰিব। তাৰ পাছত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। ”

Exit mobile version