চিআৰপিএফ গুৱাহাটী আৰু সমীপৱৰ্তী কাৰ্যালয় পৰিদৰ্শন সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ নৱনিযুক্ত সঞ্চালক প্ৰধান শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ১৭ আৰু ১৮ ফেব্ৰুৱাৰী, ২০২৫ত গ্ৰুপ চেণ্টাৰ চিআৰপিএফ গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী কাৰ্যালয়সমূহ পৰিদৰ্শন কৰে।
তেওঁৰ ভ্ৰমণকালত শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক কোৱাৰ্টাৰ গাৰ্ডত অভিবাদন জনোৱা হয়। ইয়াৰ পিছতে জিচি শ্বহীদ স্মাৰকৰ লগতে দেশৰ সেৱাত প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক সিঙে শ্ৰদ্ধাঞ্জলি জনায়। জিচি চিআৰপিএফ গুৱাহাটীৰ ডিআইজি শ্ৰী মানস ৰঞ্জনে সঞ্চালক প্ৰধানগৰাকীক অসম, মেঘালয় আৰু মিজোৰামৰ শ্বহীদসকলৰ বিষয়ে অৱগত কৰে।
সৈনিক সন্মিলনৰ সময়ত কৰ্মচাৰীসকলক উদ্দেশ্যি দিয়া ভাষণত সঞ্চালক প্ৰধানগৰাকীয়ে বাহিনীটোক অধিক উচ্চতালৈ উন্নীত কৰিবলৈ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিষয়া, কৰ্মচাৰী, বীৰ নাৰী আৰু প্ৰবীণ সৈনিকসকলৰ সৈতেও মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ সমস্যাৰাজি মনোযোগেৰে শুনি সেইবোৰ সমাধানৰ আশ্বাস দিয়ে। জি চি চিআৰপিএফ গুৱাহাটীত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত শ্ৰী সিঙে বাহিনীটোৰ প্ৰতি ব্যতিক্ৰমী অৱদান আগবঢ়োৱা সৈনিকসকলক সম্বৰ্ধনা জনায়।
উলুবাৰীৰ পিএইচকিউত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, অসম আৰক্ষী আৰু চিআৰপিএফৰ জ্যেষ্ঠ বিষয়া আৰু কমাণ্ডেণ্টৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় সঞ্চালক প্ৰধান সিং। বৈঠকত তেওঁলোকে গুৰুত্বপূৰ্ণ কাৰ্যকৰী বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তদুপৰি শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যালয় পৰিদৰ্শন কৰি উত্তৰপূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী ৰাজা শ্ৰীবাস্তৱ আৰু এনইএছৰ মুখ্য কাৰ্যালয়ৰ আই জি শ্ৰী দানেশ ৰাণাক সাক্ষাৎ কৰি উত্তৰ-পূব মণ্ডলত কাৰ্য্যকলাপৰ ফলপ্ৰসূ ৰূপায়ণ শক্তিশালী কৰাৰ লগতে বৃদ্ধিৰ কৌশল সম্পৰ্কে আলোচনা কৰে।
চিডব্লিউএৰ সভানেত্ৰী শ্ৰীমতী অনামিকা সিঙে আৰচিডব্লিউএ গুৱাহাটী ভ্ৰমণ কৰি এফডব্লিউচিৰ কৰ্মচাৰী, তেওঁলোকৰ পৰিয়াল আৰু মণ্টেছৰী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। আৰচিডব্লিউএ গুৱাহাটীৰ মুৰব্বী শ্ৰীমতী সোমা মুখাৰ্জীয়ে সভাপতিগৰাকীক চিনাকি কৰাই দিয়ে। শ্ৰীমতী সিঙে আৰচিডব্লিউএ গুৱাহাটীত মহিলা কৰ্মচাৰী আৰু পৰিয়ালৰ সৈতে জড়িত হৈ তেওঁলোকৰ সমস্যাৰাজি মনোযোগেৰে শুনি আৰু তেওঁলোকক সম্পূৰ্ণ সহায়ৰ আশ্বাস দিয়ে। তেওঁ মণ্টেছৰী স্কুলৰ শিশুসকলকো সাক্ষাৎ কৰে, য’ত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। তেওঁলোকৰ অৱদানক স্বীকৃতি দিবলৈ তেওঁ এফডব্লিউচিৰ শ্ৰেষ্ঠ কৰ্মচাৰী আৰু অসাধাৰণ প্ৰদৰ্শন কৰা শিশুসকলক সম্বৰ্ধনা জনোৱাৰ লগতে উপহাৰ প্ৰদান কৰি তেওঁলোকৰ উৎসাহ আৰু মনোবল বৃদ্ধি কৰে।