Ayodhya Ram Temple:অযোধ্যাৰ মন্দিৰৰ ওপৰত ৰহস্যময় ড্ৰ’ন !

ram mandir

Ayodhya Ram Temple:

অযোধ্যাৰ মন্দিৰৰ ওপৰেৰে উৰি থকা দেখা গ’ল এখন ৰহস্যজনক ড্ৰ’ন। মন্দিৰত থকা প্ৰচণ্ড জনসমাগমৰ মাজত আকাশত ঘূৰি ফুৰা ৰহস্যজনক ড্ৰ’নখন দেখি লগে লগে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। গুলি কৰি তললৈ অৱতৰণ কৰোৱা হয় ড্ৰ’নখন। ‘নো ফ্লাইং জোন’ হিচাপে ঘোষিত এই মন্দিৰৰ ওপৰত ড্ৰ’ন উৰোৱা ঘটনাই স্বাভাৱিকভাৱে উদ্বেগ বৃদ্ধি কৰিছে। এফআইআৰ পঞ্জীয়ন কৰি ড্ৰ’নৰ ৰহস্যৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

মহাকুম্ভ উপলক্ষে প্ৰয়াগৰাজত ভক্তৰ যথেষ্ট ভিৰ হৈছে। কুম্ভমুখী জনতাৰ এক বৃহৎ অংশ অযোধ্যাৰ ৰাম মন্দিৰলৈও যায়। ফলস্বৰূপে, তাতো যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। এই পৰিস্থিতিৰ মাজতে সোমবাৰে ৰামজনভূমী কমপ্লেক্সৰ দৰ্শন পথত দেখা গ’ল এই ৰহস্যময় ড্ৰ’নখন।

বিষয়টো চকুত পৰাৰ লগে লগে এণ্টি ড্ৰ’ন ব্যৱস্থা ব্যৱহাৰ কৰি ইয়াক নমাই অনা হয়। আৰক্ষীৰ লগতে ঘটনাস্থলীত উপস্থিত হয় বোমা স্কোয়াড। অৱশ্যে তদন্তকাৰীয়ে কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাই। এই ঘটনাত প্ৰশাসনৰ দাবী, এই ড্ৰ’ন ব্যৱহাৰ কৰি হয়তো জনসমাগমৰ মাজত আতংকৰ সৃষ্টি কৰা হৈছে । অনুসন্ধানকাৰীসকলে দাবী কৰিছে যে ঘটনাটোৰ আঁৰত পৰিকল্পিত ষড়যন্ত্ৰ থাকিব পাৰে।

প্ৰাৰম্ভিক তদন্তত আৰক্ষীৰ মতে এই ড্ৰ’নৰ আঁৰত এজন ইউটিউবাৰ আছে। আৰক্ষীয়ে দাবী কৰিছে যে তেওঁৰ ঘৰ গুৰুগ্ৰামত। ড্ৰ’নটো ৰাম মন্দিৰৰ ফুটেজ ধৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। আৰক্ষীয়ে অভিযুক্ত ইউটিউবাৰৰ বাবে ইতিমধ্যেই অভিযান আৰম্ভ কৰিছে।

ভিভিআইপি মন্দিৰৰ উপৰিও, নিয়ম অনুসৰি, মন্দিৰৰ ওচৰত ড্ৰ’ন উৰোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ। অৱশ্যে, আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰু জানিবলৈ চেষ্টা কৰিছে যে অভিযুক্তজনে নিয়ম উলংঘা কৰি কিয় ড্ৰ’ন উৰুৱাইছিল। অৱশ্যে এইটো প্ৰথম বাৰৰ বাবে নহয় যে ৰাম মন্দিৰৰ ওপৰেৰে ড্ৰ’ন উৰোৱা হৈছে। এই বছৰৰ আৰম্ভণিতে, পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে ড্ৰ’ন উৰোৱাৰ ঘটনা পোহৰলৈ আহিছিল।

প্ৰায় ৩০ মিনিট আকাশত ঘূৰি থকাৰ পাছত, ড্ৰ’নখন হঠাতে অদৃশ্য হৈ গ’ল। ঘটনাটোৰ তদন্তৰ বাবে আৰক্ষীয়ে এটা বিশেষ অনুসন্ধান দল (এছআইটি) গঠন কৰিছিল। এইটো জনা যায় যে এজন ব্লগাৰে মন্দিৰৰ ফুটেজ সংগ্ৰহ কৰিবলৈ এই ড্ৰোনটো উৰোৱাইছিল। অযোধ্যাৰ ৰাম মন্দিৰত এই ড্ৰোনৰ উৰণে নতুন প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে।

Exit mobile version