Wikipedia সম্ভাজী মহাৰাজৰ বিষয়ে ‘আপত্তিজনক’ তথ্য!
উইকিপিডিয়াক জাননী প্ৰেৰণ মহাৰাষ্ট্ৰৰ আৰক্ষীৰ
ৱিকিপিডিয়াত প্ৰকাশ পাইছে ছত্ৰপতি সম্ভাজী মহাৰাজৰ বিষয়ে ‘আপত্তিজনক’ তথ্য । এনে অভিযোগক কেন্দ্ৰ কৰি চাৰিওফালে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে ,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ নিৰ্দেশৰ পাছত, আৰক্ষীৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰি সেই তথ্য জনপ্ৰিয় অনলাইন এনছাইক্লোপিডিয়াৰ পৰা বিলোপ কৰিবলৈ অনুৰোধ জনোৱা হ’ল ।
ইফালে, মহাৰাষ্ট্ৰ আৰক্ষীৰ চাইবাৰ শাখাই ৱিকিপিডিয়াক “আপত্তিজনক” তথ্য আঁতৰ নকৰিলে আইনী ব্যৱস্থা লোৱাৰ সতৰ্কবাণী দিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ চৰকাৰে ইতিহাসৰ এনে বিকৃতি সহ্য নকৰে। লগতে তেওঁ কয় ৱিকিপিডিয়াৰ দৰে জনপ্ৰিয় মুক্ত উৎসৰ মঞ্চৰ বাবেও এইটো বাঞ্ছনীয় নহয়।
প্ৰসংগত, সম্প্ৰতি মুক্তি পাইছে বলীউডৰ ছবি ‘চাভা’। ভিকি কৌশল আৰু অক্ষয় খান্না অভিনীত এই ছবিখন সম্ভাজী মহাৰাজৰ জীৱনৰ ওপৰত আধাৰিত। আৰু সেই ছবিখনৰ মুক্তিৰ পৰিপ্ৰেক্ষিতত, তথ্য বিকৃতিৰ অভিযোগক লৈ দেশত এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। বিশেষকৈ মহাৰাষ্ট্ৰত এই বিষয়টোক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে।
উল্লেখ্য যে ,ছত্ৰপতি শিৱাজীৰ পুত্ৰ সম্ভাজী আছিল তেওঁৰ পিতৃৰ দৰে এজন সাহসী যোদ্ধা । মাৰাঠা গৌৰৱৰ অন্যতম প্ৰতীক হৈ পৰা এই যোদ্ধা মোগল সম্ৰাট ঔৰংজেবৰ সন্মুখতো অটল আছিল।
প্ৰায় ছয় সপ্তাহ ধৰি একেৰাহে অত্যাচাৰৰ সন্মুখীন হোৱাৰ পাছতো তেওঁ অটল আছিল। সেই ইতিহাস এতিয়াও মাৰাঠাভুমৰ এক বীৰত্বপূৰ্ণ কাহিনী হৈ মানুহৰ মুখে মুখে শুনিবলৈ পোৱা যায়।
এনে এজন নায়কক কেন্দ্ৰ কৰি নিৰ্মিত হোৱা হিন্দী ছবিখনেও বৃহৎ সফলতা লাভ কৰিছে। আৰু এই পৰিৱেশতে সম্ভাজীক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। উল্লেখ্য যে, এই ক্ষেত্ৰত ৱিকিপিডিয়াই কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ’ব লক্ষ্যণীয়।